ভাৰত আজি ফ্লৰিডাত হ’বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।
ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ’বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ দ্বিতীয়টো দল ৰূপে পৰিগণিত হৈছে। ইফাল, পূৰ্বৰ চেম্পিয়ন পাকিস্তান আৰু আয়াৰলেণ্ড প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে।
Assamese | June 15, 2024 12:37 PM | Cricket | ICC T-20 | ICC T20 World Cup | SPORTS | T20
টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব