September 7, 2024 9:16 PM

views 78

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

September 7, 2024 8:59 PM

views 79

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত সদৌ অসম ফুটবল প্রতিযোগিতা

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত স্থানীয় মিনি ষ্টেডিয়ামত আজিৰেপৰা প্ৰাক্তন ফুটবল খেলুৱৈ অনন্তৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণী সদৌ অসম ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী খেলখনত ঢোলকুছি সত্যকাম সংঘই কমলপুৰ ফুটবল একাদশক ২-১ গ'লত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিবহণ বিষয়া ক্ষীৰোদ দাসে।

September 6, 2024 9:12 PM

views 64

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাত থকা ক্লাৱসমূহৰ মাজত এই ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। বাজেংডুবাৰ বিধায়ক পংচেং আৰ মাৰাকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমষ্টিটোৰ মুঠ ৩২ টা ফুটবল ক্লাৱ দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে। যুৱ প্ৰজন্মক বিভিন্ন অপৰাধ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰত ৰাখি খেল ধেমালীৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহেন্দ্ৰগঞ্জৰ বিধায়ক সঞ্জয় এ চাংমাই যো...

September 6, 2024 9:11 PM

views 57

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 8:43 PM

views 41

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোছিডেন দেৰেকে ৰূপৰ আৰু উজবেকিস্তানৰ গিয়াজোভ টেমুৰবেকে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে বৰ্তমানলৈকে ছটা সোণ, ৯ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জসহ মুঠ ২৬ টা পদক লাভ কৰি প্রতিযোগিতাৰ পদক তালিকাৰ চতুৰ্দশ স্থানত আছে। প্রতিযোগিতাৰ আজি নৱম দিনা ভাৰতীয় খেলুৱৈসকল বিভিন্ন শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰ ভিতৰত কস্তুৰী ৰ...

September 6, 2024 7:59 PM

views 32

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত ভাৰতৰ জ্যোতি বেৰৱালৰ সোণৰ পদক

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত মহিলাৰ ৭৬ কিলোগ্রাম ওজন ফ্ৰী ষ্টাইল শাখাত ভাৰতৰ জ্যোতি বেৰৱালে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত জ্যোতিয়ে ইউক্রেইনৰ মাৰিয়া অলেভিছক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে মংগোলীয়া, চীন আৰু তুৰস্কৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰিছিল। ২০ বছৰ অনুৰ্ধৰ এই বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ৭৬ কিলোগ্রাম ওজন শাখাত এয়া হৈছে ভাৰতৰ একেৰাহে দ্বিতীয়টো খিতাপ । ইয়াৰ পূৰ্বে যোৱা বছৰ প্ৰিয়া মালিকে এই শ...

September 5, 2024 8:38 PM

views 74

পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্‌ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা কিছুসময়ৰ পাছত ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। খেলুৱৈ দুগৰাকীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে পেৰা পাৱাৰ লিফটাৰ অশোক নিশা প্ৰায় ১০ বাজি পাঁচ মিনিটত পুৰুষৰ ৬৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ পেৰা জু...

September 3, 2024 8:17 PM

views 76

পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত ভাৰতৰ অৱনি লেখা অৱতীৰ্ণ হ’ব

ভাৰতৰ অৱনি লেখাই আজি পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানৰ এছ এইচ ৱান শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ফাইনেল খেল ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ আজি ষষ্ঠ দিনা বিভিন্ন শাখাত পদকৰ যুঁজত অৱতীৰ্ণ হবলগীয়া অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পূজাই পেৰা আৰ্ছাৰীৰ মহিলাৰ ৰিকাৰ্ভ শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। একেদৰে দিপ্তী ঝিনাঞ্জি মহিলাৰ ৪০০ মিটাৰ টি টুৱেণ্টি শিতানত অৱতীৰ্ণ হ'ব। আনহাতে, মৰিয়প্পন থাংগাৱেলু, শৈলেশ কুমাৰ আৰু শৰৎ কুমাৰে পুৰুষৰ হাইজাম্পত টি ...

September 3, 2024 6:26 PM

views 42

ইউ এছ অপেন টেনিছৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটী

ভাৰতৰ ৰোহন বোপন্না আৰু ইণ্ডোনেছিয়াৰ অল্ডিলা ছুতজিয়াদিৰ যুটীটোৱে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাচনিপ্রাপ্ত বোপন্না আৰু অল্ডিলাৰ যুটীটোৱে এঘণ্টা ৩৩ মিনিট জোৰা কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত মেথিউ এবডেন আৰু বাৰব’ৰা ক্রেজিকোভাক ৭-৬, ২-৬, ১০-৭ ছেটত পৰাস্ত কৰে। বোপন্না আৰু অণ্ডিলাৰ যুটীটো ছেমিফাইনেলত আমেৰিকাৰ ডোনাল্ড য়িং আৰু টেইলৰ টাউনছেণ্ডৰ সন্মুখীন হ'ব।

September 2, 2024 8:37 AM

views 82

পেৰিছ পেৰালিম্পিকত ভাৰতীয় পেৰা এথলীট প্রীতি পালৰ মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন

■ পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই জয়েৰে প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰছনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুর্মুৱে কয় যে, প্রীতিক লৈ সমগ্ৰ ভাৰত গৌৰাৱান্বিত ত্ৰিৰংগা পতাকা লৈ খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহ...