হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হৈছে। ১২ দিনীয়াকৈ হ’বলগীয়া প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। মুকলি শাখাত ১৯৩টা ৰাষ্ট্ৰীয় দলে পঞ্জীয়ন কৰাৰ লগতে মহিলা শাখাত ১৮১টা দলে প্রতিদ্বন্দ্বিতা কৰিব। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানৰ দল হিচাপে ভাৰতে মুকলি শাখাত প্ৰৱেশ কৰিব। ভাৰতৰ হৈ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ডি গুকেশ, বিশ্বৰ ৪নম্বৰ স্থানত থকা অৰ্জুন এৰিগাইচি আৰু ১২ নম্বৰ স্থানৰ খেলুৱৈ আৰ প্ৰাগনান’ধাই প্ৰতিযোগীতাত অৱতীৰ্ণ হ’ব। বিদিত গুজৰাথী আৰু পেন্টালা হৰিকৃষ্ণৰ দৰে অভিজ্ঞ খেলুৱৈৰ অংশগ্রহণে ভাৰতক অন্যতম শক্তিশালী প্রতিদ্বন্দ্বী হিচাপে পৰিগণিত কৰিছে৷ একেদৰে মহিলা শাখাত ভাৰতৰ হৈ দ্ৰোণৱল্লী হৰিকাৰ নেতৃত্বত জি এম আৰ বৈশালী, দিব্য দেশমুখ, বন্তিকা আগৰৱালা আৰু তানিয়া সচদেৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। প্ৰতিযোগীতাখনত যোৱাবাৰ আয়োজক দেশ ভাৰতে মুকলি আৰু মহিলা, দুয়োটা শাখাতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
Assamese | September 11, 2024 2:18 PM | Chess | SPORTS
হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ