■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব। এই শিতানৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১.৫২ মিনিটত আৰম্ভ হ’ব। নীৰজ চোপ্ৰাই ইয়াৰ পূৰ্বে ২০২২ চনত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল আৰু ২০২৩ চনত দ্বিতীয় স্থানত আছিল। খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত দুখন প্রতিযোগিতাৰ পৰা ১৪ পইণ্ট লাভ কৰিছে আৰু সামগ্ৰিকভাৱে চতুৰ্থ স্থানত আছে।
ইপিনে, অবিনাশ ছাবলেই ডায়মণ্ড লীগ ফাইনেলৰ পুৰুষৰ ৩ হাজাৰ মিটাৰ ষ্টিপলছেজ দৌৰত কালি নৱম স্থানত থাকে। তেওঁ ৮ মিনিট আৰু ১৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে।
Assamese | September 14, 2024 11:24 AM | Niraj Chopra | SPORTS
ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব