September 17, 2025 8:42 PM

views 57

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে নীৰজ চোপ্ৰাৰ যোগ্যতা অৰ্জন

ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজে প্ৰথমবাৰতে ৮৪ দশমিক ৮-৫ মিটাৰলৈ জেভলিন দলিয়াই ফাইনেলত প্ৰৱেশ কৰে। টকিঅ'ত অনুষ্ঠিত এই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অলিম্পিক চেম্পিয়ন তথা পাকিস্তানী খেলুৱৈ আছাদ নদীমেও অংশ লয়।

August 18, 2025 12:51 PM

views 11

নীৰজ চোপ্ৰাৰ ডায়মণ্ড লীগ ফাইনেল- ২০২৫ ত আনুষ্ঠানিকভাৱে স্থান দখল

চুইজাৰলেণ্ডৰ জুৰিখত চলিত মাহৰ ২৭ আৰু ২৮ আগষ্টত হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেল ২০২৫ ত বিশ্ব চেম্পিয়ন তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই আনুষ্ঠানিকভাৱে তেওঁৰ স্থান দখল কৰিছে। শেহতীয়া চিলেচিয়া লেগৰ পৰা নিজক আঁতৰাই ৰখাৰ পাছতো পূৰ্বৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই এই প্রতিযোগিতাত অন্তৰ্ভূক্ত হোৱাৰ বাবে নীৰজ চোপ্ৰাই যোগ্যতা অৰ্জন কৰিছে। মাত্ৰ দুখন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি চোপ্ৰাই পুৰুষৰ জেভলীন ধ্ৰুৰ ফাইনেলত শীৰ্ষ প্ৰতিদ্বন্দীসকলৰ তালিকাত যোগদান কৰিছে। যোৱা শনিবাৰে চিলেচিয়া লেগৰ পাছত শেহতীয...

June 24, 2025 7:13 PM

views 42

অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত নীৰজ চোপ্ৰাৰ অংশগ্রহণ

জেকিয়াত আজি হ'বলগীয়া অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত ভাৰতৰ তাৰকা খেলুৱৈ তথা বিশ্ব জেভলিন চেম্পিয়ন নীৰজ চোপ্ৰাই অংশগ্রহণ কৰিব। ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে দহ বজাত নীৰাজ চোপ্ৰাৰ প্ৰদৰ্শন আৰম্ভ হ'ব। উল্লেখযোগ্য, যে খেলুৱৈগৰাকীয়ে ২০২৩ আৰু ২০২৪ দুয়োটা বর্ষতে গোল্ডেন স্পাইকত প্রতিদ্বন্দ্বিতা কৰাৰ কথা আছিল যদিও আঘাতৰ বাবে দুয়োবাৰেই তেওঁ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল ।

September 14, 2024 11:24 AM

views 44

ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব

■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র' শিতানত অৱতীৰ্ণ হ'ব। এই শিতানৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১.৫২ মিনিটত আৰম্ভ হ'ব। নীৰজ চোপ্ৰাই ইয়াৰ পূৰ্বে ২০২২ চনত এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল আৰু ২০২৩ চনত দ্বিতীয় স্থানত আছিল। খেলুৱৈগৰাকীয়ে চলিত বৰ্ষত দুখন প্রতিযোগিতাৰ পৰা ১৪ পইণ্ট লাভ কৰিছে আৰু সামগ্ৰিকভাৱে চতুৰ্থ স্থানত আছে। ইপিনে, অবিনাশ ছাবলেই ডায়মণ্ড লীগ...

September 13, 2024 12:18 PM

views 37

ডায়মণ্ড লীগ ফাইনেলত নীৰজ চোপ্ৰা আৰু অবিনাশ চাবলেৰ দেশক প্ৰতিনিধিত্ব

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজয়ী জেভলিন খেলুৱৈ নীৰজ চোপ্ৰা আৰু ষ্টিপলছেজ দৌৰবিদ অবিনাশ চাবলে আজি বেলজিয়ামৰ ব্ৰুছেলছত আৰম্ভ হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। আজি প্রথম দিনা অবিনাশ চাবলে প্রতিযোগিতাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব। দ্বিতীয় দিনা নীৰজ চোপ্ৰাই জেভলিন থ্রোৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

August 23, 2024 11:49 AM

views 38

লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰাই চুইজাৰলেণ্ডত অনুষ্ঠিত লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত দ্বিতীয় স্থান দখল কৰিছে। নীৰজে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৮৯ দশমিক ৪-৯ মিটাৰলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। পিটাৰ্ছ এণ্ডাৰছনে ৯০ দশমিক ৬-১ মিটাৰলৈ জেভলিন দলিয়াই প্ৰথম স্থান দখল কৰে। জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭ দশমিক ০-৮ মিটাৰৰ প্ৰদৰ্শনেৰে তৃতীয় স্থানত থাকে ।

August 8, 2024 6:39 PM

views 50

পেৰিছ অলিম্পিকত আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব নীৰজ চোপ্ৰা

জেভলিন থ্ৰৰ যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। আনহাতে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব। ইপিনে, মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ পুৰুষ মল্লযোদ্ধা অমন শ্বেহৰাৱাট আজি বিয়লি পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মহিলা মল্লযোদ্ধা অংশুৱে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্রী ষ্টাইল শিতানত দেশক প্ৰতিনিধিত্ব কৰিব। আনহাতে, পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগটে তেওঁক অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ...

June 19, 2024 12:32 PM

views 65

বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ সোণৰ পদক অৰ্জন

অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ টুকুত অনুষ্ঠিত বিশ্ব এথলেটিকছ কণ্টিনেণ্টেণ্ট গোল্ড ট্যুৰ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অৰ্জন কৰিছে। নীৰজে যোৱা নিশা ৮৩ দশমিক ৬-২ মিটাৰলৈ যাঠি নিক্ষেপ কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। পাছত খেলুৱৈগৰাকীয়ে তৃতীয় প্ৰচেষ্টাত ৮৫ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি সোণৰ পদক হস্তগত কৰে।