May 23, 2025 12:31 PM

views 68

খেলো ইণ্ডিয়া বীচ্চ গেমছত অসমৰ ল’ৰাৰ দলৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন

অসমৰ ল'ৰাৰ দলে দমন আৰু দিউত চলি থকা প্রথম খেলো ইণ্ডিয়া বীচ্চ গেমছৰ ছেপাকটাক্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লীক ১৭-১৪, ১৫-১৩, ১৫-১১ ফলাফলত পৰাস্ত কৰে । একেদৰে টিপু পাটিৰে পেনছাক চিলাটত ল'ৰাৰ ৫৫ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈগৰাকী কালি ছেমি ফাইনেলত পৰাস্ত হয়। ইপিনে, পেনছাক চিলাটৰ ল'ৰাৰ ৬৫ কিলোগ্রাম ওজন শাখাত প্ৰঞ্জল ৰাভা আৰু ছোৱালীৰ ৬৫ কিলোগ্রাম ওজন শাখাত লাকী দাসে ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰিছে। ছোৱালী ৭৫ কিলোগ্রাম ওজন শাখাত খে...

May 22, 2025 12:20 PM

views 53

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৮০ বান কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে ৪৩টা বলত ৭৩ ৰান কবি আউট নোহোৱাকৈ থাকে। দিল্লীৰ মুকেশ কুমাৰে দুটা উইকে...

May 22, 2025 12:14 PM

views 56

দমন আৰু ডিউত চলিত খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমৰ দুটা ব্ৰঞ্জৰ পদক লাভ

■ দমন আৰু ডিউত চলি থকা খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমে কালি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ পেনচাক চিলাটৰ ছোৱালীৰ গানডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল’ৰাৰ ছেপাক টাক্ৰোৰ দলীয় শাখাত পাবলৈ সমর্থ হয়।

May 21, 2025 7:39 PM

views 60

সন্ধিয়া ৭.৩০ বজাত আই পি এলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে । ৰাজস্থানে ১৮৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু এটা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।

May 6, 2025 8:43 AM

views 72

IPL: সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ

■ আই পি এল ক্রিকেট প্রতিযোগিতাৰ দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যোৱা নিশা হায়দাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে যদিও প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা হায়দাবাদে বিদায় লয়। ইপিনে দেলহী কেপিটেলছ সম্প্ৰতি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কালিৰ খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৩ ৰান সংগ্ৰহ কৰে। হায়দাবাদৰ অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে। অৱশ্যে বৰষুণৰ ব...

May 6, 2025 8:37 AM

views 42

টাইপেই অপেন বেডমিণ্টনত ভাৰতৰ হৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

■ বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্রীকান্তৰ লগতে উদীয়মান খেলুৱৈ অনমোল খাব আৰু উন্নতী হুডাই আজিৰ পৰা চীনা টাইপেইত আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ টাইপেই অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্রতিযোগিতাত ভাৰতৰ আকর্ষি কাশ্যপে হুং য়ি-টিঙৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। ইপিনে মহিলাৰ ডাবলছত ৰশ্মি গণেশ আৰু ছানিয়া ছিকণ্ডৰৰ যুটীটোৱে দেশলৈ সাফল্য কঢ়িয়াই অনাৰ বাবে আপ্রাণ প্রয়াস চলাব। অৱশ্যে প্ৰতিযোগিতাখনত ভাৰতৰ আগশাৰী খেলুৱৈ লক্ষ্য সেন, এইচ এছ প্রণয়, পি ভি সিন্ধু, ...

May 6, 2025 8:31 AM

views 81

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব

● ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে আজিৰ পৰা চীনৰ ছাংহাইত হ'বলগীয়া চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব। ভাৰতৰ ১৬ জনীয়া দলটোত ৮ গৰাকীকৈ পুৰুষ আৰু মহিলা খেলুৱৈ আছে। খেলুৱৈসকলে অহা ১১ মে'লৈ চলিবলগীয়া প্ৰতিযোগিতাখনৰ কম্পাউণ্ড আৰু ৰিকাৰ্ভ শিতানৰ খেলসমূহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । প্রতিযোগিতাত কম্পাউণ্ড শিতানৰ সাম্প্ৰতিক বিশ্ব চেম্পিয়নদ্বয় ওজাছ দেওতালে আৰু আদিতি স্বামীয়েও ভাৰতৰ হৈ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ প্ৰয়াস...

May 6, 2025 8:25 AM

views 57

চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত

● চীনৰ ঝাও ঝিনটং এছিয়াৰ প্ৰথমগৰাকী বিশ্ব স্নুকাৰ চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। কালি অনুষ্ঠিত ফাইনেলত ২৮ বছৰীয়া খেলুৱৈগৰাকীয়ে তিনিবাৰৰ বিশ্ব চেম্পিয়ন মার্ক উইলিয়ামছৰ বিৰুদ্ধে ১৮- ১২ ফলাফলত বিজয় অর্জন কৰি এই কৃতিত্ব লাভ কৰে।

May 5, 2025 9:00 PM

views 51

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। আজি ছোৱালী শাখাৰ ফুটবলত তামিলনাডুৱে বিহাৰক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। গাদকাৰ ছোৱালীৰ দলীয় শাখাত বি...

May 5, 2025 5:00 PM

views 55

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ দ্বিতীয় দিনত ভিন্ন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ

■ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ আজিৰ দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে ছেপাক টাক্ৰ’, কাবাডী আৰু পৰম্পৰাগত সমৰকলা প্ৰতিযোগিতাত গটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্রীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ কাবাড়ী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত অন্ধ্র প্রদেশে ছট্টিশড়ক পৰাভূত কৰে। কাবাডী প্ৰতিযোগিতাৰ ছোৱালীৰ শিতানত ৰাজস্থানে উল্লেখনীয় প্ৰদৰ্শনেৰে ছট্টিশগড়ৰ বিৰুদ্ধে ৪৩-৩৩ পইণ্টৰ ব্যৱধানত জয়লাভ কৰে। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থ...