আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে । ৰাজস্থানে ১৮৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু এটা বলত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
Assamese | May 21, 2025 7:39 PM | IPL | IPL 2025 | SPORTS
সন্ধিয়া ৭.৩০ বজাত আই পি এলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ