■ আই পি এল ক্রিকেট প্রতিযোগিতাৰ দেলহী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যোৱা নিশা হায়দাবাদত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে ইনিংছ ব্ৰেকৰ সময়ত পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে যদিও প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা হায়দাবাদে বিদায় লয়। ইপিনে দেলহী কেপিটেলছ সম্প্ৰতি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।
কালিৰ খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৩ ৰান সংগ্ৰহ কৰে। হায়দাবাদৰ অধিনায়ক পেট কামিন্সে ৩টা উইকেট দখল কৰে। অৱশ্যে বৰষুণৰ বাবে হায়দাবাদে বেট ধৰাৰ পৰা বঞ্চিত হয়।
প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
Assamese | May 6, 2025 8:43 AM | Cricket | IPL 2025 | SPORTS
IPL: সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট টাইটানছ