June 10, 2025 9:19 PM

views 76

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে যুৱক-যুৱতীসকলক কেন্দ্ৰ হিচাপে লৈ দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ কৰা হৈছে। প্ৰৱন্ধটোত শ্ৰীমন্দাভিয়াই বিগত ১১ বছৰত ভাৰতত ক্ৰীড়া আন্তঃগাঁথনিৰ উল্লেখনীয় পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিগত এটা দশকত যুৱ ...

June 10, 2025 7:52 PM

views 62

উজবেকিস্তানৰ তাছখণ্ডত ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দল সাজু

উজবেকিস্তানৰ তাছখণ্ডত আজিৰে পৰা হ'বলগীয়া ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দলটো সাজু হৈছে। ভাৰতে আজি প্ৰথমখন খেলত ইৰানৰ বিৰুদ্ধে আৰু কাইলৈ কিৰগিজস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ছাৰ্বিয়াৰ ড্রাগন মিহাইল'ভিকে ১৯ বছৰ অনুৰ্ধৰ দলটোকো প্ৰশিক্ষণ দিছে। মধ্য এছিয়া ভলীবল এছ'চিয়েছন ছেম্পিয়নশ্বিপ, কাৱা হৈছে এই খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুৱ ভলীবল প্ৰতিযোগিতা। ইয়াত ইৰান, উজবেকিস্তান আৰু কিৰগিজস্তানৰ দৰে শক্তিশালী দলসমূহে অংশগ্রহণ ক...

June 6, 2025 9:11 PM

views 49

ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ডত কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ত ভাৰতৰ অভিযান সমাপ্ত

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ড প্রতিযোগিতাত আজি ভাৰতে কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়তে নিজৰ অভিযান সামৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকীৰেড্ডীয়ে মালয়েছিয়াৰ যুটী চন ৱে'ই চং আৰু টি কে য়ুনৰ বিৰুদ্ধে ১৯-২১, ১৬-২১ গেমত পৰাজয় বৰণ কৰিছে।

June 6, 2025 8:25 PM

views 145

পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ভাৰতীয় ক্রিকেট দল ইংলেণ্ডলৈ ৰাওনা

ভাৰতীয় ক্রিকেট দলটো আজি পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। উল্লেখযোগ্য যে ২০০৭ চনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট শৃংখলাত জয়লাভ কৰা নাই।

June 2, 2025 8:38 PM

views 72

এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্ৰী মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দক্ষিণ কোৰিয়াত সামৰণি পৰা এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দেশবাসী গৌৰবান্বিত। তেওঁ লগতে কয়, যে প্ৰতিগৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ পৰিচয় দিছে। প্রধানমন্ত্ৰীয়ে খেলুৱৈসকলক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

June 1, 2025 3:42 PM

views 62

ফ্ৰেন্স অপেন টেনিছত নভাক জ’ক’ভিছ আৰু জানিক চিনাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ

■ নভাক জ’ক'ভিছ আৰু বিশ্ব ৰেংকিঙৰ প্ৰথম স্থানত থকা জানিক চিনাৰে ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈ যোৱা নিশা নিজৰ নিজৰ খেলত জয়লাভেৰে চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলুৱৈ জীৱনৰ ২৫ সংখ্যক গ্ৰেণ্ডস্লাম বিজয়ৰ লক্ষ্যৰে ফ্ৰেন্স অপেনত প্ৰতিদ্বন্দিতা কৰা নভাক জ'ক'ভিছে অষ্ট্ৰেলিয়াৰ ফিলিপ মিছ'লিকক ৬-৩, ৬-৪, ৬-২ ছেটত পৰাস্ত কৰে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনৰ কেমেৰ'ন নুৰিৰ বিৰুদ্ধে খেলিব। আনহাতে, জানিক চিনাৰে চেকোশ্লোভাকিয়াৰ জিৰি লেহেকাক ৬-০, ৬–১, ৬–২ ছেটত পৰাস...

June 1, 2025 1:22 PM

views 60

আই পি এলত সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম পাঞ্জাব কিংছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো মঙলবাৰে একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈকে পাঁচবাৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। ইয়াৰ বিপৰীতে পাঞ্জাবে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জনৰ চেষ্টা চল...

May 27, 2025 4:41 PM

views 45

এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানৰ দেশৰ হৈ প্ৰথমটো পদক

দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত এছিয়ান এথলেটিক্‌ছ চেম্পিয়নশ্বিপত ভাৰতৰ ছাৰ্ভিন চেবাস্তিয়ানে দেশৰ হৈ প্ৰথমটো পদক জয় কৰিছে। ছার্ভিনে আজি পুৰুষৰ ২০ কিলোমিটাৰ ৰেচ ৱাক এঘণ্টা ২১ মিনিট আৰু ১৩.৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত চীনৰ ঝাওঝাওৱে সোণ আৰু জাপানৰ কেণ্টো য়ুচি কাৱাই ৰূপৰ পদক লাভ কৰে। আন এগৰাকী ভাৰতীয় এথলিট অমিত পঞ্চম স্থানত থাকে।

May 24, 2025 3:48 PM

views 60

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বি শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্রীকান্তে কুৱালালামপুৰত চলি থকা মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত তেওঁ আজি জাপানৰ শ্বি তানাকাক ২১-১৮, ২৪-২২ গেমত পৰাজিত কৰে। এই জয়ৰ জৰৰিতে কিদাম্বি শ্রীকান্ত চলিত বছৰত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ'ল।

May 24, 2025 12:35 PM

views 86

আই পি এলত সন্ধিয়া ৭.৩০ বজাত পঞ্জাব কিংছ বানান দেলহী কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৪২ ৰানত পৰাস্ত কৰে। ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰুৰ দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ বানহে কৰিবলৈ সমৰ্থ হয়। ১৪ অভাৰলৈ দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক আছিল যদিও ইয়াৰ পাছত মাত্র ১৬ ৰানতেই শেষৰ ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ দিশে গতি কৰে। ছানৰাইজাৰ্ছ হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা আৰু এশ্বান মালিংগাই দুটা উইকেট ...