উজবেকিস্তানৰ তাছখণ্ডত আজিৰে পৰা হ’বলগীয়া ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দলটো সাজু হৈছে। ভাৰতে আজি প্ৰথমখন খেলত ইৰানৰ বিৰুদ্ধে আৰু কাইলৈ কিৰগিজস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ছাৰ্বিয়াৰ ড্রাগন মিহাইল’ভিকে ১৯ বছৰ অনুৰ্ধৰ দলটোকো প্ৰশিক্ষণ দিছে। মধ্য এছিয়া ভলীবল এছ’চিয়েছন ছেম্পিয়নশ্বিপ, কাৱা হৈছে এই খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুৱ ভলীবল প্ৰতিযোগিতা। ইয়াত ইৰান, উজবেকিস্তান আৰু কিৰগিজস্তানৰ দৰে শক্তিশালী দলসমূহে অংশগ্রহণ কৰে ।
Assamese | June 10, 2025 7:52 PM | Akashvani News | SPORTS | vollyball
উজবেকিস্তানৰ তাছখণ্ডত ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দল সাজু