June 15, 2026 1:43 PM

views 23

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্রণমূলক ভলীবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সষ্টাৰ ক্লাব, গহপুৰ আৰ কে ভি চি, উদ্দীপ্ত চ’ৰা, অৰুণাচল প্ৰদেশৰ টাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্রহণ কৰে৷

January 20, 2026 8:17 PM

views 45

শিৱসাগৰত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম আন্তঃজিলা পুৰুষ-মহিলাৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

শিৱসাগৰ ভলীবল ক্লাবৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত অহা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আন্তঃজিলা পুৰুষ আৰু মহিলাৰ দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ নগৰৰ পিয়লিফুকন ষ্টেডিয়ামৰ জননেতা প্ৰণৱজিৎ চলিহা ক্ষেত্ৰত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৪০ টা দলে এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰিব। অহা ৮ ফেব্ৰুৱাৰীৰ নিশা সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

December 29, 2025 8:00 PM

views 48

৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল’ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল'ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ কৰিছে। ছোৱালী শাখাত ডিব্ৰুগড় আৰু শিৱসাগৰ দল ফাইনেলত অৱতীর্ণ হ'ব। আজি অনুষ্ঠিত ছেমি ফাইনেলত ল'ৰাৰ শাখাত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি গহপুৰে আৰু শালবাৰী দলক পৰাস্ত কৰি তেজপুৰে ফাইনেলত প্রৱেশ কৰিছে। নিশা চাৰে ৮ বজাত ল'ৰা শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আনহাতে, ছোৱালী শাখাত মৰিগাঁৱক পৰাস্ত কৰি ডিব্ৰুগড় দলে আৰু ধেমাজিক পৰাস্ত কৰি শিৱসাগৰ...

June 10, 2025 7:52 PM

views 51

উজবেকিস্তানৰ তাছখণ্ডত ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দল সাজু

উজবেকিস্তানৰ তাছখণ্ডত আজিৰে পৰা হ'বলগীয়া ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দলটো সাজু হৈছে। ভাৰতে আজি প্ৰথমখন খেলত ইৰানৰ বিৰুদ্ধে আৰু কাইলৈ কিৰগিজস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ছাৰ্বিয়াৰ ড্রাগন মিহাইল'ভিকে ১৯ বছৰ অনুৰ্ধৰ দলটোকো প্ৰশিক্ষণ দিছে। মধ্য এছিয়া ভলীবল এছ'চিয়েছন ছেম্পিয়নশ্বিপ, কাৱা হৈছে এই খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুৱ ভলীবল প্ৰতিযোগিতা। ইয়াত ইৰান, উজবেকিস্তান আৰু কিৰগিজস্তানৰ দৰে শক্তিশালী দলসমূহে অংশগ্রহণ ক...