December 29, 2025 8:00 PM | vollyball

printer

৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল’ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ

দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ল’ৰাৰ শাখাত তেজপুৰ আৰু গহপুৰ দল ফাইনেলত প্রৱেশ কৰিছে। ছোৱালী শাখাত ডিব্ৰুগড় আৰু শিৱসাগৰ দল ফাইনেলত অৱতীর্ণ হ’ব। আজি অনুষ্ঠিত ছেমি ফাইনেলত ল’ৰাৰ শাখাত দক্ষিণ কামৰূপ দলক পৰাস্ত কৰি গহপুৰে আৰু শালবাৰী দলক পৰাস্ত কৰি তেজপুৰে ফাইনেলত প্রৱেশ কৰিছে। নিশা চাৰে ৮ বজাত ল’ৰা শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব। আনহাতে, ছোৱালী শাখাত মৰিগাঁৱক পৰাস্ত কৰি ডিব্ৰুগড় দলে আৰু ধেমাজিক পৰাস্ত কৰি শিৱসাগৰ দলে ফাইনেলত প্রৱেশ কৰিছে। সন্ধিয়া চাৰে ৬ বজাত ছোৱালী শাখাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছে।