পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ভাৰতীয় ক্রিকেট দল ইংলেণ্ডলৈ ৰাওনা

ভাৰতীয় ক্রিকেট দলটো আজি পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ’ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ’ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। উল্লেখযোগ্য যে ২০০৭ চনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট শৃংখলাত জয়লাভ কৰা নাই।