June 15, 2026 12:00 PM

views 20

আই চি চি মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক ৬৪ ৰানত পৰাস্ত ভাৰতৰ

♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে। পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৬৮ ৰান কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ কালি আন এখ...

October 28, 2025 11:09 AM

views 84

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে বুক মাই শ্বত টিকট উপলব্ধ বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

October 24, 2025 6:19 PM

views 80

আই চি চি মহিলা বিশ্বকাপত নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু ৰাৱলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক ৱৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেওে নিৰ্ধা...

October 22, 2025 1:01 PM

views 70

আই চি চি মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কলম্বোত কালি নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৪০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। দলটোৰ হৈ ছুনে লুছে ৬১ ৰান আৰু মেৰিজেন কেপে ৬৪ ৰানৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ...

October 18, 2025 12:30 PM

views 88

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত দক্ষিণ আফ্রিকাৰ হাতত শ্রীলংকা ১০ উইকেট পৰাস্ত

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্রেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই শ্রীলংকাক ১০ উইকেট পৰাস্ত কৰে। দক্ষিণ আফ্রিকাই ১২১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰি ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে। বৰষুণৰ বাবে ৫০ অভাৰৰ খেলখন ২০ অভাৰলৈ হ্রাস কৰা হয় আৰু ডি এল এছ পদ্ধতি অনুসৰি দক্ষিণ আফ্রিকাক জয়ৰ বাবে ১২১ ৰানৰ সংশোধিত লক্ষ্য নির্ধাৰণ কৰি দিয়া হয়। দক্ষ...

October 17, 2025 1:02 PM

views 72

আই চি চি মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়া ছেমি ফাইনেলত প্ৰৱেশ

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত অষ্ট্ৰেলিয়াই প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত অস্ট্রেলিয়াই বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এলিছা হিলি আৰু ফোবি লিটছফিল্ডৰ সুন্দৰ বেটিঙৰ সহায়ত মাত্র ২৪ অভাৰ ৫টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সমৰ্থ হয়। হিলিয়ে ৭৭টা বলত ১১৩ ৰান আৰু লিটছফিল্ডে ৮৪ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে, বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান...

October 14, 2025 11:54 AM

views 70

আই চি চি মহিলা বিশ্বকাপত বিয়লি ৩ বজাত শ্রীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

● আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপৰ কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বাংলাদেশে প্রথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত শ্বাৰ্মিন আখটাৰ আৰু শ্ব'ৰ্ণা আখটাৰৰ অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ২৩২ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ তিনিটা বল বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ল’ ট্রায়ন আৰু মাৰিজেন কেপে অর্ধশতক কৰে। ট্রায়নক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। কালিৰ এই জয়ৰ পাছত দক...

October 7, 2025 12:32 PM

views 89

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৩২ ৰান দক্ষিণ আফ্ৰিকাই ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ...

September 16, 2025 8:56 PM

views 74

আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাৰ পুনৰ শীৰ্ষ স্থান অৰ্জন

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত পুনৰ শীৰ্ষ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ মহিলা ক্রিকেট দলৰ অধিনায়ক স্কীপাৰ নেট স্কীভাৰ ফ্ৰণ্টক অতিক্ৰম কৰি তেওঁ এই স্থান দখল কৰিছে। যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মান্ধানাই ৬৩ টা বলত ৫৮ ৰান কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ ইংলেণ্ডৰ অধিনায়কগৰাকীতকৈ ৪ পইণ্টত আগবাঢ়ি আই চি চি ৰেংকিঙত ৭ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে।

June 6, 2025 8:25 PM

views 142

পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ভাৰতীয় ক্রিকেট দল ইংলেণ্ডলৈ ৰাওনা

ভাৰতীয় ক্রিকেট দলটো আজি পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট শৃংখলা। উল্লেখযোগ্য যে ২০০৭ চনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে এখনো টেষ্ট শৃংখলাত জয়লাভ কৰা নাই।