আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু ৰাৱলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক ৱৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেওে নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত ২৭১ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ক্ৰক হেলিডে সৰ্বাধিক ৮১ ৰান কৰে।
Assamese | October 24, 2025 6:19 PM | ICC | ICC Crimcket | SPORTS | Women's Cricket
আই চি চি মহিলা বিশ্বকাপত নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ