September 4, 2026 6:28 PM

views 22

মহিলাৰ টি-২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত ছেমিফাইনেলত প্ৰৱেশ

মহিলাৰ টি-২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা ডুবাইত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ভাৰতে হংকঙক ১৩৭ ৰানত পৰাস্ত কৰে।

October 24, 2025 6:19 PM

views 94

আই চি চি মহিলা বিশ্বকাপত নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মান্ধানাৰ শতকৰ সহায়ত ৪৯ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩৪০ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন ৪৯ অভাৰতে সীমিত কৰা হয়। মান্ধানাই ১০৯ আৰু ৰাৱলে ১২২ ৰান কৰে। নিউজিলেণ্ডক ডাক ৱৰ্থ লুইচ পদ্ধতিৰে ৪৪ অভাৰত ৩২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেওে নিৰ্ধা...

October 4, 2025 12:58 PM

views 101

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি

চলিত মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়া শ্রীলংকাৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ প্রতিযোগিতাৰ আন এখন খেলত ভাৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। উল্লেখযোগ্য যে, ভাৰতে ইতিমধ্যে প্রথমখন খেলত ডি এল এছ পদ্ধতিৰে ৫৯ ৰানত বিজয়ী হৈ দুই পইন্ট অৰ্জন কৰিছে আৰু পাকিস্তানে প্রথমখন খেলত বাংলাদেশৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছে।

December 19, 2024 12:35 PM

views 73

আজি মুম্বাইত টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্টিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট প্রতিযোগিতাৰ অন্তিমখন খেল আজি নৱী মুম্বাইৰ ডি ৱাই পাৰ্টিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত দুয়োটা দলেই এতিয়ালৈ একোখনকৈ খেলত জয়লাভ কৰিছে। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতে প্ৰথম খেলখনত ৪৯ ৰানত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত আলহী দলটো ৯ উইকেটত জয়ী হৈছিল।

July 25, 2024 5:50 PM

views 79

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত ভাৰত কাইলৈ বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰতে কাইলৈ হবলগীয়া প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনাই হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকা পাকিস্তানৰ মুখামুখি হ'ব। আয়োজক দেশ শ্রীলংকাই কালি প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ৯৩ ৰাণ কৰে। থাইলেণ্ডৰ হৈ নন্নাপট কোনচৰো এনকাইয়ে ৫৩টা বলত ৪৭ ৰাণ কৰ...

July 20, 2024 6:32 PM

views 89

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেটত থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি দিনৰ ২ বজাত আৰম্ভ হ’ব। আনহাতে আজি সন্ধিয়া ৭ বজাত একেখন ষ্টেডিয়ামতে হ’বলগীয়া আন এখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। যোৱাবাৰৰ বিজয়ী ভাৰতে কালি সন্ধিয়া ডাম্বুলাত অনুষ্ঠিত এখন খেলত পাকিস্তানক সাত উইকেটত পৰাস্ত কৰিছিল। পাকিস্তানে নিৰ্ধাৰন কৰি দিয়া ১০৯ ৰানৰ লক্ষ্য ভাৰতীয় মহিলা দলটোৱে ৭ টা উইকেট বাকী থকা অৱস্থাতে অতিক্ৰম কৰিবলৈ স...

June 25, 2024 1:04 PM

views 86

তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত ভাৰতৰ মহিলা ক্রিকেট দলটোৰ হাতত দক্ষিণ আফ্রিকা ৬ উইকেটত পৰাস্ত

ভাৰতৰ মহিলা ক্রিকেট দলটোৱে কালি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তর্জাতিক খেলত দক্ষিণ আফ্রিকাক ৬ উইকেটত পৰাস্ত কৰে আৰু ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত টছত জিকি দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২১৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক লউৰা ৱ'লভার্টে সৰ্বাধিক ৬১ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ দিপ্তী শৰ্মাই ২৭ ৰানৰ বিনিময়ত দুটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪০ অভাৰ আৰু ৪টা বলত স্মৃতি ম...

June 8, 2024 2:29 PM

views 53

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনিংছ সামৰিব লগা হয়। খেলখনত ধেমাজিৰ হেমলতা পায়েঙে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে প্রিয়াংশী দত্তই শ্রেষ্ঠ বলাৰ আৰু ফ্লৰিনা টায়েই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।