মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি দিনৰ ২ বজাত আৰম্ভ হ’ব। আনহাতে আজি সন্ধিয়া ৭ বজাত একেখন ষ্টেডিয়ামতে হ’বলগীয়া আন এখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। যোৱাবাৰৰ বিজয়ী ভাৰতে কালি সন্ধিয়া ডাম্বুলাত অনুষ্ঠিত এখন খেলত পাকিস্তানক সাত উইকেটত পৰাস্ত কৰিছিল। পাকিস্তানে নিৰ্ধাৰন কৰি দিয়া ১০৯ ৰানৰ লক্ষ্য ভাৰতীয় মহিলা দলটোৱে ৭ টা উইকেট বাকী থকা অৱস্থাতে অতিক্ৰম কৰিবলৈ সমৰ্থ হয়।
Assamese | July 20, 2024 6:32 PM | Cricket | T20 | Women's Cricket
মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেটত থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব