♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে।
পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৬৮ ৰান কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক ৬ উইকেটত পৰাস্ত কৰে।
প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ-বিৰ এখন খেলত নিউজিলেণ্ড শ্রীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৭ বজাত আৰম্ভ হ’ব। নিশা ১১ বজাত আৰম্ভ হ’বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ’ব।
ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা ৫ জুলাইত লৰ্ডছ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব।