আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে।
ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৩২ ৰান দক্ষিণ আফ্ৰিকাই ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে।
দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ আৰু ছুনে লুছে অপৰাজিত ৮৩ ৰান কৰে। তাজমিন ব্ৰিটছক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।
ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফী ডিভাইনে সৰ্বাধিক ৮৫ ৰাণ আৰু ব্রুক হলিডেই ৪৫ ৰাণৰ বৰঙণি যোগায়।
Assamese | October 7, 2025 12:32 PM | Cricket | ICC | ICC Women Cricket | SPORTS
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব