● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কলম্বোত কালি নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৪০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ৯০ ৰানৰ সহায়ত পাকিস্তানক পৰাস্ত কৰে। দলটোৰ হৈ ছুনে লুছে ৬১ ৰান আৰু মেৰিজেন কেপে ৬৪ ৰানৰ বৰঙণি আগবঢ়ায়। এই জয়ৰ ফলত দক্ষিণ আফ্ৰিকা পইণ্ট তালিকাৰ শীৰ্ষত অধিষ্ঠিত হোৱাৰ লগতে প্ৰতিযোগিতাৰ পৰা পাকিস্তানৰ বিদায় নিশ্চিত হয়। ৬ খন খেলৰ পৰা দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে ১০ পইণ্ট অৰ্জন কৰিছে।
Assamese | October 22, 2025 1:01 PM | ICC | ICC Cricket | ICC Women World Cup
আই চি চি মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত