ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাই আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত পুনৰ শীৰ্ষ স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডৰ মহিলা ক্রিকেট দলৰ অধিনায়ক স্কীপাৰ নেট স্কীভাৰ ফ্ৰণ্টক অতিক্ৰম কৰি তেওঁ এই স্থান দখল কৰিছে। যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মান্ধানাই ৬৩ টা বলত ৫৮ ৰান কৰিবলৈ সমৰ্থ হৈছিল। তেওঁ ইংলেণ্ডৰ অধিনায়কগৰাকীতকৈ ৪ পইণ্টত আগবাঢ়ি আই চি চি ৰেংকিঙত ৭ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে।
Assamese | September 16, 2025 8:56 PM | Akashvani | ICC | ICC Women Cricket | SPORTS
আই চি চি মহিলা ক্রিকেটৰ এদিনীয়া বেটিঙৰ ৰেংকিঙত ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক স্মৃতি মান্ধানাৰ পুনৰ শীৰ্ষ স্থান অৰ্জন