খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। আজি ছোৱালী শাখাৰ ফুটবলত তামিলনাডুৱে বিহাৰক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। গাদকাৰ ছোৱালীৰ দলীয় শাখাত বিহাে গোৱাক পৰাস্ত কৰে। একেদৰে ছোৱালী শাখাত অসমে-তেলেংগানাক পৰাস্ত কৰে। গাদকাৰ দলীয় শাখাত পাঞ্জাব, ঝাৰখণ্ড আৰু তামিলনাডুৱে বিজয় সাব্যস্ত কৰে।
Assamese | May 5, 2025 9:00 PM | 7th Khelo India Youth Games 2025 | Akashvani News | Khelo India | SPORTS
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত