November 24, 2025 6:47 PM

views 56

পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যোধপুৰ, কোটা, আজমেৰ, ভৰতপুৰ আৰু বিকানেৰত আয়োজিত হ'ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি সন্ধিয়া ৬বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ভজন লাল শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ...

October 17, 2025 1:07 PM

views 86

২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম

● খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পঞ্চম সংস্কৰণ চলিত বৰ্ষৰ ২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ৰাজস্থানৰ ৭ খন চহৰত অনুষ্ঠিত হ'ব। এই চহৰকেইখন হৈছে জয়পুৰ, আজমেৰ, উদয়পুৰ, যোধপুৰ, বিকানেৰ, কোটা আৰু ভাৰতপুৰ। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই যুৱ প্ৰতিভাৰ বিকাশ আৰু ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই ক্রীড়া প্রতিযোগিতাৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ জৰিয়তে খেলো ইণ্ডিয়া পদক্ষেপে অংশগ্রহণ, প্রতিভা বিকাশ আৰু উৎকৰ্ষতাৰ প্ৰ...

June 26, 2025 11:02 AM

views 55

অহা নৱেম্বৰত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫ অহা নৱেম্বৰত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে এই ক্রীড়া সমাৰোহত ২০০ৰো অধিক বিশ্ববিদ্যালয়ৰ ৪ হাজাৰৰো অধিক এথলীটে ২০বিধ বিভিন্ন ক্রীড়াত ভাগ ল'ব বুলি আশা কৰা হৈছে। তেওঁ কয়, যে এই ক্রীড়া সমাৰোহে এথলীটসকলক ৰাষ্ট্ৰীয় বাছনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে বিশেষ সুযোগ প্ৰদান কৰে। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ ক্রীড়াসমূহ ২৫ বছৰ অনুৰ্ধৰ এথলীটসকলৰ বাবে অনুষ্ঠিত কৰা হয়। চলিত বৰ্ষৰ মে'ত বিহ...

May 24, 2025 7:12 PM

views 47

উত্তৰ-পূৰ্বাঞ্চলত খেলো ইণ্ডিয়া উত্তৰ পূৱ ক্ৰীড়া প্রতিযোগিতাৰ আয়োজন কৰা হব বুলি ড° মনসুখ মন্দাভিয়াৰ প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলত ক্রীড়া প্ৰতিভাৰ বিকাশৰ বাবে খেলো ইণ্ডিয়া উত্তৰ পূৱ ক্ৰীড়া প্রতিযোগিতাৰ আয়োজন কৰা হব বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত আয়োজিত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰতিবছৰে আয়োজন কৰিবলগীয়া এই উৎসৱত অলিম্পিকত অন্তৰ্ভুক্ত ক্রীড়াসমূহৰ লগতে পৰম্পৰাগত ক্ৰীড়াও অন্তৰ্ভুক্ত কৰা হব। ক্রীড়ামন্ত্ৰীগৰাকীয়ে খেল...

May 22, 2025 12:14 PM

views 52

দমন আৰু ডিউত চলিত খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমৰ দুটা ব্ৰঞ্জৰ পদক লাভ

■ দমন আৰু ডিউত চলি থকা খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমে কালি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ পেনচাক চিলাটৰ ছোৱালীৰ গানডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল’ৰাৰ ছেপাক টাক্ৰোৰ দলীয় শাখাত পাবলৈ সমর্থ হয়।

May 20, 2025 12:52 PM

views 50

খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি

কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই কালি বিয়লি ডিউত আয়োজিত এটা বর্ণিল অনুষ্ঠানত খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত নৃত্যৰ জৰিয়তে দেশৰ চহকী সাংস্কৃতিক বৈচিত্র্য প্ৰকাশ কৰা হয়। অনুষ্ঠানত শ্ৰীমন্দাভিয়াই ২০৪৭ চনৰ ভিতৰত ক্ৰীড়া মহাশক্তি হিচাপে দেশক গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। প্রতিযোগিতা ৩০ খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা এহেজাৰ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । ইপিনে প্রধানমন্...

May 11, 2025 7:16 PM

views 53

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাষ্ট্ৰৰ ৭৪টা পদকেৰে তালিকাৰ শীৰ্ষস্থান অক্ষুন্ন

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাষ্ট্ৰই মুঠ ৭৪টা পদকেৰে তালিকাৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে। ইয়াৰে ভিতৰত ২৭টা সোণৰ আৰু ২২টা ৰূপৰ পদক আছে। ১৪টা সোণ আৰু ১৯টা ৰূপসহ মুঠ ৩৯টা পদকেৰে কৰ্ণাটক দ্বিতীয় স্থান আৰু ৰাজস্থান তৃতীয় স্থানত আছে। এই মহোৎসৱৰ আজি অষ্টম দিন আৰু বক্সিঙকে ধৰি মল্লযুঁজ, যোগাসন, ফেন্সিং আদি কেইবাবিধো নতুনকৈ অন্তৰ্ভুক্ত হোৱা খেল বিভিন্ন স্থানত অনুষ্ঠিত হৈছে। গট্‌কাৰ পিছত আন এবিধ সমল কলা কালাৰিপায়াট্টো প্ৰতিযোগিতা আজি আৰম্ভ হৈছে। ৰাজগীৰ ক্ৰীড়া প্ৰকল্প হকী আৰু বেগুচৰাইত ফুটবল খ...

May 9, 2025 9:06 PM

views 51

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত মহাৰাষ্ট্ৰৰ পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰে ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলখন নতুন দিল্লীৰ ড০ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে এই জয়েৰে সম্ভৱী শ্ৰৱণ ক্ষিৰসাগৰে খেলো ইণ্ডিয়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিছে। খেলখনত কৰ্ণাটকৰ হ্ৰন্দ্যা শ্রী কণ্ডুৰ আৰু নৰাইন প্ৰণৱে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বিহাৰৰ দিব্যা শ্ৰী আৰু ৰুদ্ৰ প্ৰতাপ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে। এয়া হৈছে খেলো ইণ্ডিয়াত বিহাৰৰ প্ৰথমটো প...

May 5, 2025 9:00 PM

views 46

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। আজি ছোৱালী শাখাৰ ফুটবলত তামিলনাডুৱে বিহাৰক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। গাদকাৰ ছোৱালীৰ দলীয় শাখাত বি...

May 5, 2025 5:00 PM

views 49

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ দ্বিতীয় দিনত ভিন্ন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ

■ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ আজিৰ দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে ছেপাক টাক্ৰ’, কাবাডী আৰু পৰম্পৰাগত সমৰকলা প্ৰতিযোগিতাত গটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্রীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ কাবাড়ী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত অন্ধ্র প্রদেশে ছট্টিশড়ক পৰাভূত কৰে। কাবাডী প্ৰতিযোগিতাৰ ছোৱালীৰ শিতানত ৰাজস্থানে উল্লেখনীয় প্ৰদৰ্শনেৰে ছট্টিশগড়ৰ বিৰুদ্ধে ৪৩-৩৩ পইণ্টৰ ব্যৱধানত জয়লাভ কৰে। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থ...