খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত মহাৰাষ্ট্ৰৰ পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰে ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলখন নতুন দিল্লীৰ ড০ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে এই জয়েৰে সম্ভৱী শ্ৰৱণ ক্ষিৰসাগৰে খেলো ইণ্ডিয়াত দ্বিতীয়টো সোণৰ পদক লাভ কৰিছে।
খেলখনত কৰ্ণাটকৰ হ্ৰন্দ্যা শ্রী কণ্ডুৰ আৰু নৰাইন প্ৰণৱে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বিহাৰৰ দিব্যা শ্ৰী আৰু ৰুদ্ৰ প্ৰতাপ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে। এয়া হৈছে খেলো ইণ্ডিয়াত বিহাৰৰ প্ৰথমটো
পদক।
Assamese | May 9, 2025 9:06 PM | Khelo India
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰৰ সোণৰ পদক অৰ্জন