খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাষ্ট্ৰই মুঠ ৭৪টা পদকেৰে তালিকাৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে। ইয়াৰে ভিতৰত ২৭টা সোণৰ আৰু ২২টা ৰূপৰ পদক আছে। ১৪টা সোণ আৰু ১৯টা ৰূপসহ মুঠ ৩৯টা পদকেৰে কৰ্ণাটক দ্বিতীয় স্থান আৰু ৰাজস্থান তৃতীয় স্থানত আছে। এই মহোৎসৱৰ আজি অষ্টম দিন আৰু বক্সিঙকে ধৰি মল্লযুঁজ, যোগাসন, ফেন্সিং আদি কেইবাবিধো নতুনকৈ অন্তৰ্ভুক্ত হোৱা খেল বিভিন্ন স্থানত অনুষ্ঠিত হৈছে। গট্কাৰ পিছত আন এবিধ সমল কলা কালাৰিপায়াট্টো প্ৰতিযোগিতা আজি আৰম্ভ হৈছে। ৰাজগীৰ ক্ৰীড়া প্ৰকল্প হকী আৰু বেগুচৰাইত ফুটবল খেলসমূহ অনুষ্ঠিত হৈছে।
Assamese | May 11, 2025 7:16 PM | Khelo India
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত মহাৰাষ্ট্ৰৰ ৭৪টা পদকেৰে তালিকাৰ শীৰ্ষস্থান অক্ষুন্ন