May 12, 2025 7:27 PM

views 63

খেল’ ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলকসকলৰ পদক যাত্ৰা অব্যাহত

খেল' ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলক সকলৰ পদক যাত্ৰা অব্যাহত আছে। আজি আৰু তিনিটা পদক জয়েৰে ৰাজ্যৰ মুঠ ১৫ টা পদক সুনিশ্চিত হৈছে। বিহাৰৰ ৰাজগিৰত চলি থকা প্রতিযোগিতাখনত অসমৰ খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক জয়েৰে ১৪টা পদক দখল কৰিছে। নৱাগত বক্সাৰ নিৰ্বানজ্যোতি গগৈয়ে ৭৫ কিলোগ্রাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ৰাজ্যৰ ১৫ সংখ্যক পদকটো সুনিশ্চিত কৰিছে।

May 5, 2025 9:00 PM

views 44

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিনা কাবাডী, আৰ্ছাৰী আৰু গাদকাৰ কেইবাখনো প্রতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে। আজি ছোৱালী শাখাৰ ফুটবলত তামিলনাডুৱে বিহাৰক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। গাদকাৰ ছোৱালীৰ দলীয় শাখাত বি...

May 5, 2025 5:00 PM

views 46

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ দ্বিতীয় দিনত ভিন্ন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণ

■ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ আজিৰ দ্বিতীয় দিনৰ প্ৰতিযোগিতাত ভিন ভিন ৰাজ্যৰ খেলুৱৈসকলে ছেপাক টাক্ৰ’, কাবাডী আৰু পৰম্পৰাগত সমৰকলা প্ৰতিযোগিতাত গটকাকে ধৰি বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। ৰাজগড় ক্রীড়া প্ৰকল্পত অনুষ্ঠিত ল'ৰাৰ কাবাড়ী প্ৰতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত অন্ধ্র প্রদেশে ছট্টিশড়ক পৰাভূত কৰে। কাবাডী প্ৰতিযোগিতাৰ ছোৱালীৰ শিতানত ৰাজস্থানে উল্লেখনীয় প্ৰদৰ্শনেৰে ছট্টিশগড়ৰ বিৰুদ্ধে ৪৩-৩৩ পইণ্টৰ ব্যৱধানত জয়লাভ কৰে। প্ৰতিযোগিতাৰ কালিৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থ...

May 4, 2025 8:40 PM

views 56

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ হৈছে। অহা ১৫ মে'লৈ হ'বলগীয়া এই প্ৰতিযোগিতাত ১৮ বছৰ অনুৰ্থ ৮৫০০ ৰো অধিক প্ৰতিভাবান খেলুৱৈয়ে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভগলপুৰ আৰু বেগুচৰাইসহ ছখন চহৰত প্ৰতিযোগিতাৰ ২৮ টা শিতানৰ খেল অনুষ্ঠিত হ'ব। তিনিটা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ খেল' ইণ্ডিয়া উদ্যমৰ অধীনত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ এয়া হৈছে সপ্তম সংস্কৰণ। প্র...

May 4, 2025 11:51 AM

views 55

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল' ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫ আৰম্ভ হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই এই মহোৎসৱৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বার্তাযোগে প্রতিযোগিতাত ভাগ লোৱা এথলিটসকলক উদ্দেশি ভাষণ দিব। ১৫ মে'লৈ হ'বলগীয়া এই প্রতিযোগিতাত ১৮ বছৰ অনুৰ্ধৰ ৮৫০০ ৰো অধিক প্ৰতিভাবান খেলুৱৈয়ে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভাগলপুৰ আৰু ...