খেল’ ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলক সকলৰ পদক যাত্ৰা অব্যাহত আছে। আজি আৰু তিনিটা পদক জয়েৰে ৰাজ্যৰ মুঠ ১৫ টা পদক সুনিশ্চিত হৈছে। বিহাৰৰ ৰাজগিৰত চলি থকা প্রতিযোগিতাখনত অসমৰ খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক জয়েৰে ১৪টা পদক দখল কৰিছে। নৱাগত বক্সাৰ নিৰ্বানজ্যোতি গগৈয়ে ৭৫ কিলোগ্রাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ৰাজ্যৰ ১৫ সংখ্যক পদকটো সুনিশ্চিত কৰিছে।
Assamese | May 12, 2025 7:27 PM | 7th Khelo India Youth Games 2025 | Assam
খেল’ ইণ্ডিয়াৰ সপ্তম সংস্কৰণত অসমৰ যুৱ ভাৰোত্তোলকসকলৰ পদক যাত্ৰা অব্যাহত