December 27, 2025 12:20 PM

views 33

চাৰিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ড ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ’ আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে অ' আই চিকিয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একে দিনাই তেওঁ এন আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল...

November 28, 2025 12:17 PM

views 46

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আজি লক্ষ্ণৌ ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লক্ষ্ণৌ ভ্ৰমণ কৰি দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে ব্ৰহ্মকুমাৰীসকলৰ বিশ্ব ঐক্য আৰু বিশ্বাসৰ বাবে ধ্যান শীৰ্ষক বার্ষিক বিষয়বস্তু মুকলি অনুষ্ঠানত ভাগ ল'ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰত স্কাউট আৰু গাইডৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ইয়াৰ ১৯ সংখ্যক ৰাষ্ট্ৰীয় জাম্বৰীত ভাষণ দিব। ব্ৰহ্মকুমাৰী অতিৰিক্ত সাধাৰণ সচিব ড° মৃত্যুঞ্জয়ে জনাইছে যে, এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে ধ্যান ক...

November 21, 2025 10:56 AM

views 37

ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ছত্তিশগড়ৰ অম্বিকাপুৰত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।আকাশবাণীৰ সংবাদাতাই জনাইছে যে, ছত্তিশগড়ৰ অম্বিকাপুৰৰ পি জি কলেজ খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি জনজাতীয় সম্প্ৰদায়ৰ গৌৰৱময় ইতিহাস আৰু তেওঁলোকৰ শৌর্যৰ ওপৰত আলোকপাত কৰি এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। শ্ৰীমতী মুৰ্মুৱে অনুষ্ঠানত অংশগ্ৰহণ কৰি জনজাতীয় বীৰ আৰু স্বাধীনতা সংগ্রামীসকলৰ পৰিয়ালবৰ্গক সম্বর্ধনা জনায়। অনুষ্ঠানত ছত্তিছগড়ৰ ৰাজ্যপা...

November 8, 2025 8:53 PM

views 53

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি নিশাৰ ভাগত শ্রীমতী মুর্মু এংগোলাত উপস্থিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হৈছে প্রথম এংগোলা আৰু বটছৱানা ভ্রমণ। ভ্ৰমণৰ সময়ছোৱাত অহা ১৩ নৱেম্বৰলৈ এংগোলা, বটছৱানা আৰু ভাৰতৰ মাজৰ বৰ্তমানৰ দ্বিপাক্ষীক সম্পৰ্কৰ বিষয়ে পর্যালোচনা চলোৱাৰ লগে নতুন নতুন দিশ হ'ব পৰা সাম্ভব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ'ব। বাণিজ্য, প্ৰতিৰক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আৰু জনসম্পর্ক আদি বিভিন্ন বিষয়ত আলোচনা হোৱাৰো সম্ভাৱন...

July 30, 2025 12:24 PM

views 34

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি তিনিদিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা হ'ব। পশ্চিমবংগ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে কল্যাণীত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশ ল'ব। ঝাৰখণ্ডত ৰাষ্ট্ৰপতিগৰাকীয়ে দেওঘৰত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ ধানবাদৰ আই এছ এমৰ ৪৫ সংখ্যক সমাৱৰ্তন সমাৰোহত ভাগ লোৱাৰ কথা আছে।

March 24, 2025 11:06 AM

views 49

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ছত্তিশগড় আৰু ওড়িশা ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি চত্তিশগড় আৰু ওড়িশালৈ যাব। ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে ৰায়পুৰত চত্তিশগড় বিধানসভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুর্মু ওড়িশাৰ নায়াগড়ত ভাৰতীয় বিশ্ববাসু শ্ববৰ সমাজৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো উপস্থিত থাকিব ।

January 10, 2025 12:58 PM

views 42

অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ জনতা ময়দানত চলি থকা অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ভাগ ল'ব। যোৱানিশা ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মিলনত সমবেত হোৱা প্ৰায় ৭৫ খন দেশৰ প্ৰৱাসী ভাৰতীয় সকলক উদ্দেশ্য কৰি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে একাংশ প্ৰৱাসী ভাৰতীয়ক প্ৰৱাসী ভাৰতীয় সন্মানেৰে বিভূষিত কৰিব। এই সন্মান কোনো প্ৰৱাসী ভাৰতীয়, ভাৰতীয় মূলৰ ব্যক্তি অথবা এন আৰ আই বা পি আই অ'ৰ দ্বাৰা স্থাপন কৰা কোনো সংগ...

December 17, 2024 11:05 AM

views 35

পাঁচদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পাঁচ দিনীয়া ভ্রমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ ৰাওনা হ'ব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে ছেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয়ক ৰাষ্ট্ৰপতিৰ নিচান সন্মানো প্ৰদান কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি নিলয়মত ৰাজ্যখনৰ শিক্ষাবিদকে ধৰি বিভিন্ন আগশাৰীৰ ব্যক...

November 27, 2024 7:35 AM

views 51

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাত্ৰা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱা ষ্টাফ কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰশিক্ষাৰ্থী বিষয়াসকলক সম্বোধি ভাষণ দিব। শ্রীমতী মুৰ্মুৱে কাইলৈ উধগমণ্ডলমস্থিত ৰাজভৱনত নীলগিৰি জিলাৰ জনজাতীয় মহিলা আত্ম- সহায়ক গোট আৰু জনজাতীয় সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত-বিনিময় কৰিব। শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তিৰুৱৰুৰ তামিলনাড়ু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব।

November 23, 2024 10:31 AM

views 51

‘ওড়িশা পর্ব’ কাৰ্যসূচী উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে, যে ওড়িশাৰ ইতিহাসৰ কলিংগ যুদ্ধৰ অধ্যায়ে বিশ্ববাসীক শান্তিৰ পথ দেখুৱাব পাৰে। কালি সন্ধিয়া নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তিনিদিনীয়া 'ওড়িশা পর্ব' কাৰ্যসূচী উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, প্ৰগতিৰ বাবে যে শান্তি গুৰুত্বপূৰ্ণ সেই কথা কলিংগ যুদ্ধই মানুহক শিকাই থৈ গ'ল। সম্প্রতি বিশ্বৰ কেইবাখনো দেশত যুদ্ধ তথা আক্রমণ প্রত্যাক্রমণ হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে আজি বিশ্বৰ একাংশ লোক প্রত্যক্ষ সংঘাতত নামি পৰিছে। কিন্তু ওড়িশাৰ...