ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি পাঁচ দিনীয়া ভ্রমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানালৈ ৰাওনা হ’ব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিত থকা অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰাৰ লগতে ছেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয়ক ৰাষ্ট্ৰপতিৰ নিচান সন্মানো প্ৰদান কৰিব। তেওঁ লগতে ৰাষ্ট্ৰপতি নিলয়মত ৰাজ্যখনৰ শিক্ষাবিদকে ধৰি বিভিন্ন আগশাৰীৰ ব্যক্তিৰ সন্মানার্থে আয়োজিত অভ্যর্থনাতো ভাগ ল’ব ।
Assamese | December 17, 2024 11:05 AM | Prez Visit
পাঁচদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ভ্ৰমণ