ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি তিনিদিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা হ’ব। পশ্চিমবংগ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে কল্যাণীত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত অংশ ল’ব।
ঝাৰখণ্ডত ৰাষ্ট্ৰপতিগৰাকীয়ে দেওঘৰত থকা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ভাগ ল’ব। ইয়াৰ পাছত তেওঁ ধানবাদৰ আই এছ এমৰ ৪৫ সংখ্যক সমাৱৰ্তন সমাৰোহত ভাগ লোৱাৰ কথা আছে।
Assamese | July 30, 2025 12:24 PM | Prez Visit
তিনিদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু পশ্চিমবংগ আৰু ঝাৰখণ্ডলৈ ৰাওনা