ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে, যে ওড়িশাৰ ইতিহাসৰ কলিংগ যুদ্ধৰ অধ্যায়ে বিশ্ববাসীক শান্তিৰ পথ দেখুৱাব পাৰে। কালি সন্ধিয়া নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তিনিদিনীয়া ‘ওড়িশা পর্ব’ কাৰ্যসূচী উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, প্ৰগতিৰ বাবে যে শান্তি গুৰুত্বপূৰ্ণ সেই কথা কলিংগ যুদ্ধই মানুহক শিকাই থৈ গ’ল। সম্প্রতি বিশ্বৰ কেইবাখনো দেশত যুদ্ধ তথা আক্রমণ প্রত্যাক্রমণ হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে আজি বিশ্বৰ একাংশ লোক প্রত্যক্ষ সংঘাতত নামি পৰিছে। কিন্তু ওড়িশাৰ সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল সহনশীলতা। ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে স্নেহ আৰু সম্প্ৰীতিৰে জীয়াই থাকি জনতাক দেশ তথা ৰাজ্যৰ বাবে সাধ্য অনুসৰি কাম কৰি যাবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে ওড়িশাৰ শিল্প, সাহিত্য, নৃত্য, সংগীত, আৰু খাদ্যৰ চহকী ঐতিহ্যৰ বিষয়ে মানুহক সজাগ কৰাত ওড়িশা পৰ্বই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷
Assamese | November 23, 2024 10:31 AM | Prez Visit
‘ওড়িশা পর্ব’ কাৰ্যসূচী উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ