July 6, 2024 11:58 AM

views 40

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওড়িশা ভ্ৰমণ

ৰাষ্ট্ৰীপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভূৱনেশ্বৰত উত্কলামণি পণ্ডিত গোপাবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বার্ষিকী অনুষ্ঠানত ভাগ ল'ব। শ্ৰীমতী মুমুৰে কাইলৈ পুৰীত ভগৱান জগন্নাথ গুণ্ডীচ্ছাহ ৰথ যাত্ৰাত উপস্থিত থাকিব। এই ভ্ৰমণৰ সময়চোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে উদয়গিৰি গুহা পৰিদৰ্শন কৰাৰ লগতে উত্‌কল কলা বিশ্ববিদ্যালয় আৰু বিভূতি কানুনগো কলা আৰু কাৰুশিল্প মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব।