ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লক্ষ্ণৌ ভ্ৰমণ কৰি দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে ব্ৰহ্মকুমাৰীসকলৰ বিশ্ব ঐক্য আৰু বিশ্বাসৰ বাবে ধ্যান শীৰ্ষক বার্ষিক বিষয়বস্তু মুকলি অনুষ্ঠানত ভাগ ল’ব। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰত স্কাউট আৰু গাইডৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ইয়াৰ ১৯ সংখ্যক ৰাষ্ট্ৰীয় জাম্বৰীত ভাষণ দিব।
ব্ৰহ্মকুমাৰী অতিৰিক্ত সাধাৰণ সচিব ড° মৃত্যুঞ্জয়ে জনাইছে যে, এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে ধ্যান কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব আৰু ৫ গৰাকীকৈ পুৰুষ আৰু মহিলাক নিচান আৰু কলহ বিতৰণ কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ প্ৰায় ৩৩ হাজাৰ স্কাউট-গাইড, ৰোভাৰ্চ আৰু ৰেঞ্জাৰৰ লগতে মালদ্বীপ, নেপাল, শ্রীলংকা আৰু চৌদি আৰবৰ এহেজাৰ ৫০০ৰো অধিক যুৱ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব।
Assamese | November 28, 2025 12:17 PM | Prez Visit
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আজি লক্ষ্ণৌ ভ্ৰমণ