March 6, 2025 6:47 PM

views 34

উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শীতকালত উত্তৰাখণ্ড ভ্ৰমণ কৰিবলৈ আহ্বান জনাই কয়, যে দেশৰ বাকী অংশসমূহ যেতিয়া কুঁৱলীয়ে আৱৰি থাকে, তেতিয়া সমগ্ৰ উত্তৰাখণ্ড ৰ'দৰ পোহৰত জলমলাই উঠে। উত্তৰকাশী জিলাৰ হাৰছিলত আজি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে শীতকালীন পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, যে উত্তৰাখণ্ডক বছৰৰ প্ৰতিটো দিনেই পৰ্যটনৰ বাবে উপযোগীকৈ গঢ়ি তোলা হ'ব। শ্ৰী মোদীয়ে কয়, যে এই দশকত উত্তৰাখণ্ডৰ উন্নয়নৰ বহু নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব। শীতকালত হোটেল...

March 5, 2025 12:28 PM

views 41

ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত ভাগ ল'ব। মানৱ সমাজত বিনিয়োগ, অর্থনীতি আৰু উদ্ভাৱন আদি বিষয় সামৰি ল'বলগীয়া ৱেবিনাৰখনত প্রধানমন্ত্ৰীয়ে ভাষণো দিব। চৰকাৰে নিয়োগ সৃষ্টিৰ দিশটোক বিশেষ অগ্ৰাধিকাৰ দি আহিছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ চাকৰিৰ সংখ্যা বৃদ্ধি তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। এই ৱেবিনাৰখনে চৰকাৰ, উদ্যোগ, শিক্ষাবিদ আৰু জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধি তথা পৰিৱৰ...

March 4, 2025 8:19 PM

views 81

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কৈছে, যে চৰকাৰে বিগত ১০ বছৰত সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তিতা, স্বচ্ছতা আৰু সৰ্বাত্মক বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতা প্ৰকাশ কৰি আহিছে। নতুন দিল্লীত আয়োজিত বিকাশ, নির্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান, নিয়ন্ত্রণ, বিনিয়োগ আৰু সুচল ব্যৱসায়ৰ চালিকা শক্তি হিচাপে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ সম্পৰ্কীয় বাজেট পৰৱৰ্তী ৱেবিনাৰত ভ...

March 4, 2025 6:07 PM

views 30

অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক প্রধানমন্ত্ৰীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ নিৰ্বাচিত হোৱাৰ বাবে খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে আশা কৰে, যে অনাগত বছৰবোৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্বন্ধই নতুন মাত্ৰা পাবলৈ সমৰ্থ হ'ব। প্রধানমন্ত্রীয়ে কয়, যে দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতাক শিখৰলৈ লৈ যোৱাৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাইছে।

March 1, 2025 8:07 PM

views 42

কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কৃষি আৰু গ্ৰাম্য সমৃদ্ধি বিষয়ক এখন বাজেট পৰৱৰ্তী ৱেবিনাৰত দিয়া ভাষণত শ্রীমোদীয়ে কয়, যে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভংগী অত্যন্ত স্পষ্ট। কেন্দ্ৰীয় চৰকাৰে এনে এখন ভাৰত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে য'ত কৃষকসকলৰ সমৃদ্ধি আৰু সৱলীকৰণ নিশ্চিত হ'ব। কৃষিক উন্নয়নৰ প্ৰথমটো ইঞ্জিন বুলি অভিহিত কৰি তেওঁ কয়, যে চৰকাৰে কৃষকসকলক মর্যাদ...

February 28, 2025 12:40 PM

views 38

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে প্ৰতিষেধমূলক স্বাস্থ্যসেৱা, ঔষধি উদ্ভিদৰ খেতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থিতি সবল কৰাত খণ্ডটোৰ অৱদান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে বিশ্বজুৰি আয়ুষৰ গ্ৰহণযোগ্যতা আৰু স্থায়ী বিকাশ তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি খণ্ডটোৰ স্থিতিস্থাপকতা আৰু বিকাশ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়...

February 28, 2025 12:35 PM

views 41

মহাকুম্ভৰ পৰম্পৰাই ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰাৰ লগতে দেশ তথা সমাজক নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জিৱীত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা ব্লগ যোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এইবাৰ ১৪৪ বছৰ পাছত মহাকুম্ভৰ যোগ পৰিছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন অধ্যায়ৰ বাৰ্তা দিছে। এই বার্তা বিকশিত ভাৰতৰ বার্তা বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে । শ্রীমোদীয়ে কয়, যে এই মহাকুম্ভ মেলাত দেশ-বিদেশৰ বিভিন্ন জাতি তথা ...

February 26, 2025 11:40 AM

views 109

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত কালি বিনিয়োগ আৰু আন্তগাথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছাম মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কূটনীতিবিদ, আগশাৰীৰ উদ্যোগপতি, বিদেশী প্ৰতিনিধিৰ সমাবেশত অসম পূৱ ভাৰতৰ নিৰ্মাণকেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কৌশলগত স্থিতিৰ লাভ গ্ৰহণ কৰিবলৈ উদ্যোগপতিসকলৰ প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰ...

February 21, 2025 5:53 PM

views 40

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান ঘটাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটো খণ্ডতে প্রতিভাবান নেতাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিবলৈ বিশ্বমানৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰয়োজন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ'ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। শ্রীমোডীয়ে উল্লেখ কৰে যে এই শীৰ্ষ সন্মিলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুওৱা নেতাসকলক...

February 20, 2025 8:13 PM

views 67

দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডাও এই বৈঠকত উপস্থিত থাকে। বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচ তথা উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু তথা উপ-মুখ্যমন্ত্রী পৱন কল্যাণ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী মোহন য়াদৱ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, দিল্লীৰ...