প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ‘ কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত ভাগ ল‘ব। মানৱ সমাজত বিনিয়োগ, অর্থনীতি আৰু উদ্ভাৱন আদি বিষয় সামৰি ল‘বলগীয়া ৱেবিনাৰখনত প্রধানমন্ত্ৰীয়ে ভাষণো দিব। চৰকাৰে নিয়োগ সৃষ্টিৰ দিশটোক বিশেষ অগ্ৰাধিকাৰ দি আহিছে আৰু প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ চাকৰিৰ সংখ্যা বৃদ্ধি তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। এই ৱেবিনাৰখনে চৰকাৰ, উদ্যোগ, শিক্ষাবিদ আৰু জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধি তথা পৰিৱৰ্তনশীল বাজেট ঘোষণাসমূহ ফলপ্রসূ কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। ৱেবিনাৰখনত বহনক্ষম আৰু সৰ্বাংগীন বিকাশৰ পথ প্রশস্তকৰণ, প্ৰযুক্তি আৰু অন্যান্য খণ্ডত নেতৃত্বৰ লগতে ২০৪৭ চনলৈ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দক্ষ-সুস্থ কর্মশক্তি গঢ় দিয়াত বিশেষ গুৰুত্ব দিয়া হ‘ব।
Assamese | March 5, 2025 12:28 PM | PM Modi
ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাজেটোত্তৰ নিয়োগ সম্পৰ্কীয় এখন ৱেবিনাৰত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ