চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কৈছে, যে চৰকাৰে বিগত ১০ বছৰত সংস্কাৰ, বিত্তীয় নিয়মানুৱৰ্তিতা, স্বচ্ছতা আৰু সৰ্বাত্মক বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতা প্ৰকাশ কৰি আহিছে। নতুন দিল্লীত আয়োজিত বিকাশ, নির্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান, নিয়ন্ত্রণ, বিনিয়োগ আৰু সুচল ব্যৱসায়ৰ চালিকা শক্তি হিচাপে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ সম্পৰ্কীয় বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে কয়। দেশৰ অৰ্থ ব্যৱস্থাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বিষয়ে মত প্রকাশ কৰি শ্রীমোদীয়ে কয়, যে এনে উদ্যোগসমূহে এখন দেশৰ অৰ্থনৈতিক বিকাশত পৰিৱৰ্তনকামী ভূমিকা পালন কৰে। উন্নয়নৰ বাবে সুস্থিৰ নীতি আৰু ব্যৱসায়ৰ ভাল বাতাবৰণ গুৰুত্বপূৰ্ণ বুলি প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। দেশৰ ব্যৱসায়িক সুচলতা নিশ্চিত কৰাৰ বাবে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয়, যে চৰকাৰে এনে ব্যৱস্থাৰ অংশ হিচাপে জন বিশ্বাস আইন ৰূপায়ণ কৰিছে আৰু পালন কৰিবলগীয়া নীতি-নিয়ম হ্ৰাস কৰি সৰল আয়কৰৰ অৱধাৰণা প্ৰৱৰ্তন কৰিছে। চৰকাৰে জন বিশ্বাস-2.0 বিধেয়ক সন্দৰ্ভত কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্রীয়ে কয়, যে বাজেটত নির্মাণ আৰু ৰপ্তানিৰ প্ৰসাৰৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। তেওঁ কয়, যে নিৰন্তৰ সংস্কাৰ প্ৰক্ৰিয়াই উদ্যোগ জগতত নতুন বিশ্বাসৰ সূচনা কৰিছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবে অর্থ ব্যৱস্থাৰ ওপৰত কোৱিডৰ প্ৰভাৱ হ্ৰাস পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে এনে প্ৰচেষ্টাৰ বাবে ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অর্থ ব্যৱস্থাসমূহৰ অন্যতম হৈ উঠিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহে ভাৰতৰ সৈতে অর্থনৈতিক সহযোগিতা শক্তিশালী কৰিবলৈ আগ্ৰহী হৈ উঠিছে বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে গৱেষণা আৰু উন্নয়নে দেশৰ নির্মাণ খণ্ডৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ আৱশ্যকতা আছে। তেওঁ কয়, যে গৱেষণা আৰু উন্নয়নৰ জৰিয়তে নতুন সামগ্ৰী তথা বৰ্তমানৰ সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত। বিশ্বই ভাৰতৰ পুতলা, জোতা-চেণ্ডেল আৰু চামৰা উদ্যোগৰ সম্ভাৱনাৰ কথা স্বীকাৰ কৰিছে আৰু অত্যাধুনিক প্ৰযুক্তিৰ সৈতে পৰম্পৰাগত শিল্পৰ সংযোজনেৰে যথেষ্ট সাফল্য অর্জন কৰাৰ থল আছে। তেওঁ কয়, যে দেশে এই ক্ষেত্রসমূহত নিজকে অগ্রণী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু এনে হ‘লে ৰপ্তানিও চকুত লগা ধৰণে বৃদ্ধি পাব। এই খণ্ডসমূহৰ বিকাশ হ‘লে কৰ্ম সংস্থাপনৰ লাখ লাখ সুযোগ সৃষ্টি হ‘ব আৰু উদ্যমশীলতাৰো প্ৰসাৰ ঘটিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে উদ্যোগ জগতক অকল মৌন দর্শক হৈ নাথাকি বিশ্ব যোগান শৃংখলাৰ সুযোগৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে ৰপ্তানিৰ প্ৰসাৰৰ বাবে বিশ্ব যোগান শৃংখলাত চাহিদা থকা নতুন সামগ্ৰীৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা উচিত। উৎপাদন আধাৰিত উদগনি আঁচনিৰ ফলত ১ লাখ ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে আৰু ১৩ লাখ কোটি টকাৰো অধিক মূল্যৰ উৎপাদন হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷
Assamese | March 4, 2025 8:19 PM | PM Modi
চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি আছে আৰু বিভিন্ন ক্ষেত্ৰত সংস্কাৰৰ গতি ক্ষীপ্ৰতৰ কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ