প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰীয়ে প্ৰতিষেধমূলক স্বাস্থ্যসেৱা, ঔষধি উদ্ভিদৰ খেতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থিতি সবল কৰাত খণ্ডটোৰ অৱদান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে বিশ্বজুৰি আয়ুষৰ গ্ৰহণযোগ্যতা আৰু স্থায়ী বিকাশ তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি খণ্ডটোৰ স্থিতিস্থাপকতা আৰু বিকাশ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱণত গুৰুত্ব আৰোপ কৰি আয়ুষ খণ্ডক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা, প্রধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্ৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে।
Assamese | February 28, 2025 12:40 PM | PM Modi
প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত