April 30, 2025 12:54 PM

views 35

কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা প্রধানমন্ত্ৰীৰ এখন ছবিক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

বিজেপিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কংগ্ৰেছে সামাজিক মাধ্যমত প্ৰচাৰ পৰা এখন ছবিক লৈ প্ৰতিক্ৰিয়া কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই, পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত এই গুৰুত্বপূৰ্ণ সময়ত কংগ্ৰেছে এনেধৰণৰ বাৰ্তাৰ জৰিয়তে দেশক দুৰ্বল কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে এই আক্রমণ সন্দৰ্ভত কিছুসংখ্যক কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্যৰ কথাও উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে কয়, যে পেহেলগাম আক্ৰমণৰ আঁৰত থকা সন্ত্রাসবাদীসকলক উচিত প্ৰত্যুত্তৰ দ...

April 23, 2025 12:38 PM

views 36

ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে শ্রীমোদীয়ে স্বদেশলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়। প্রধানমন্ত্ৰীৰাকী তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। পশ্চিম এছিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰণি পৰা সত্বেও তেওঁৰ এই ভ্ৰমণ ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। শ্ৰীমোদী আৰু ছৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন চলমানে শক্তি, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প...

April 21, 2025 8:05 PM

views 35

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰী চৌদি আৰৱলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱলৈ যাব। ২০১৬ আৰু ২০১৯ ৰ পাছত এয়া হ'ব শ্রীমোদীৰ দেশখনলৈ তৃতীয়টো ভ্রমণ। প্রধানমন্ত্ৰীৰ এই ভ্রমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু চৌদি আৰৱে অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে শতিকা পুৰণি বন্ধুত্বক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময় আৰু কৌশলগত চুক্তিৰ মাধ্যমেৰে বিগত দশকবোৰত আৰু শক্তিশালী কৰি তুলিছে।

April 21, 2025 6:28 PM

views 41

সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ । সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানম...

April 12, 2025 1:10 PM

views 47

এ আই ডি এম কেই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তত প্রধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ

AIADMK-ই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্রীমোদীয়ে কয়, যে এন ডি এৰ অন্যান্য মিত্ৰদলৰ সৈতে লগলাগি তেওঁলোকে তামিলনাডুক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব আৰু নিষ্ঠাসহকৰে ৰাজ্যখনলৈ সেৱা আগবঢ়াব। তেওঁ কয়, যে এন ডি এৰ মিত্ৰজোঁটে এম জি ৰামাচন্দ্ৰন আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্রয়াত জয়াললিতাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এখন চৰকাৰ সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, যে তামিলনাডুৰ উন্নতি ৰাজ্যখনৰ অনন্য সংস্কৃতিৰ সংৰ...

April 9, 2025 7:46 PM

views 44

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচেষ...

April 9, 2025 2:51 PM

views 57

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...

March 21, 2025 9:56 AM

views 30

গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত নিৰ্মাণৰ প্ৰথম খোজ হিচাপে গাঁওসমূহক বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। গুজৰাটৰ ভৰৱাড় সমাজৰ সৈতে জড়িত বাৱলিয়লি ধাম অনুষ্ঠানত ভিডিঅ' কন্সফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি শ্রীমোদীয়ে কালি বিষয়টোত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে ভাষণত সমূহীয়া প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰে আৰু লালকিল্লাৰ পৰা দিয়া বিবৃতিৰ বিষয়ে উল্লেখ কৰি সকলোৰে প্ৰচেষ্টাক দেশৰ মহান শক্তি বুলি দোহাৰে। তেওঁ লগতে আধুনিকতাৰ মাধ্যমেৰে সম্প্ৰদায়সমূহক সবল কৰি তোলাৰ বাবে শিক্ষাৰ গুৰুত্বৰ ব...

March 20, 2025 4:15 PM

views 46

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্তিৰে তেওঁলোকলৈ সমৰ্থনৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন

কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত যোগ্য প্রার্থীক অন্তর্ভুক্ত কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে অ’পেন হাউছৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্রকাশ কৰি কয় যে আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁলোকক সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্রার্থীসকলে যাতে নির্দিষ্ট সময়ত তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে প্রতি সপ্তাহতে এনে অ'পেন হাউছ আয়োজন কৰ...

March 6, 2025 8:21 PM

views 39

আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সমবায় খণ্ডক প্ৰসাৰিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰী মোদীয়ে লগতে সমবায় প্রতিষ্ঠানসমূহৰ জৰিয়তে জৈৱিক সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দেশৰ সমবায় খণ্ডৰ প্ৰগতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ সময়ছোৱাত মোদীয়ে ৰপ্তানিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কৃষি পদ্ধতি উন্নত কৰাৰ বাবে ভূমি পৰীক্ষণৰ আৰ্হি প্ৰস্তুত কৰাৰ...