May 25, 2025 8:38 PM

views 63

মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। অহা ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱনযাত্ৰাৰ সৈ...

May 13, 2025 12:17 PM

views 49

পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিলেই উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অপাৰেশ্বন সিন্দুৰ স্থগিতহে ৰখা হৈছে, বন্ধ হোৱা নাই আৰু পাকিস্তানে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিলেই উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই অভিযান কেৱল এটা নাম নহয়, বৰং ৰাষ্ট্ৰৰ সামূহিক আবেগৰ এটা শক্তিশালী প্রতীক বুলিও শ্রী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্বন সিন্দূৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কালি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয়, যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। তেওঁ কয়, যে চার্জিকেল স্ট্রাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপা...

May 7, 2025 1:22 PM

views 43

ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব’ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ’ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ’ব- প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ নদীসমূহৰ পানী দেশৰ হিতৰ বাবে ব'ব, দেশৰ উপকাৰতে সংৰক্ষণ কৰা হ'ব আৰু দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত কালি এটা ব্যক্তিগত টিভি চেনেলৰ সন্মিলনত প্রধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি কয়, যে ভাৰতৰ নদীসমূহৰ বিপুল পৰিমাণৰ পানী সীমান্তৰ বাহিৰলৈ বৈ যায়। তেওঁ কয়, যে এতিয়াৰে পৰা ভাৰতৰ পানী নিজ দেশৰ ভিতৰতে থাকিব আৰু দেশৰ উন্নয়নৰ বাবে এই পানী ব্যৱহাৰ কৰা হ'ব। নদী আন্তঃসংযোগৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্রীমোদীয়...

May 6, 2025 8:14 PM

views 41

আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমীৰ ছেইখ তামিম বিন হামাদ অল থানিৰ সৈতে টেলিফোনযোগে কথা পাতে। কথোপকথনত শ্ৰীথানিয়ে পেহেলগামত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাক লৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে সন্ত্রাসবাদ বিৰোধী যুজ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ অনাৰ বাবে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে।

May 6, 2025 8:11 PM

views 41

এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবেনিজৰ দ্বিতীয়টো ঐতিহাসিক কাৰ্যকালৰ আৰম্ভণিৰ প্ৰাকমুহুৰ্তত শুভেচ্ছা জ্ঞাপন কৰে। ফোনযোগে হোৱা কথা বতৰাত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে দুয়োখন দেশৰ মাজৰ বিস্তৃত কৌশলগত অংশিদাৰিত্ব শক্তিশালী কৰি তোলা হ'ব বুলি নৱ নিৰ্বাচিত প্রধানমন্ত্রীজনক প্রতিশ্রুতি প্ৰদান কৰে। লগতে দুয়োজন প্রধানমন্ত্ৰীয়ে বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত এই কৌশলগত অংশিদাত্বিক অধিক শক্তিশালী ৰূপেৰে সহযোগিতাৰ মাজেৰে ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োজন নেতাই প্রবাসী ভাৰ...

May 5, 2025 12:54 PM

views 47

২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে ভাৰতক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ

চৰকাৰে ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। কালি বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। এইবাৰৰ বাজেটত ক্ৰীড়াৰ বাবে ৪ হাজাৰ কোটি টকা অনুমোদন দিয়া হৈছে। চৰকাৰে ক্ৰীড়াক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নতো গুৰুত্ব দিছে। প্রধানমন্ত্ৰীয়ে কয়, যে ক্রীড়া প্রতিযোগিতাসমূহ এতিয়া গো...

May 4, 2025 8:29 PM

views 56

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বায়ু সেনাৰ মুৰবী এয়াৰ ছীফ মার্শ্বেল এ পি সিঙে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ এই সময়ছোৱাত প্রধানমন্ত্ৰীক বায়ু সেনাৰ মুৰববীগৰাকীয়ে সাক্ষাৎ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেন নাকাটানিৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই বৈঠকত দুয়োখন দেশে বর্তমান আঞ্চলিক তথা আন...

May 4, 2025 11:25 AM

views 63

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে।

May 2, 2025 8:24 PM

views 42

অন্ধ্ৰপ্ৰদেশত অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজধানী অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে ৫৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও পথ আৰু ৰে'ল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পসমূহে অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু বিকশিত ভাৰতৰ ভেঁটি শক্তিশালী কৰাত সহায় কৰিব। বিগত ১০ বছৰত ডিজিটেল, সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত দেশে গুৰুত্ব...

May 2, 2025 8:21 PM

views 60

ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ-চহৰসমূহ বিকশিত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হ’ব- প্ৰধানমন্ত্ৰী

ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ-চহৰসমূহ বিকশিত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মূল কেন্দ্ৰ হ'ব। ভাৰতৰ সামুদ্রিক যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱিঝিঞ্জামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি এই মন্তব্য কৰে। ৱিঝিঞ্জাম আন্তঃৰাষ্ট্ৰীয় বন্দৰটো নতুন যুগৰ উন্নয়নৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে বাণিজ্যিক সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন সাধাৰণ জনতাৰ মৌলিক প্রয়োজনীয়তা পূৰণ হ'লেহে সঁচ...