চৰকাৰে ভাৰতক ২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। কালি বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে বাজেটত ক্ৰীড়াৰ বাবে নিৰ্ধাৰিত ধন ৰাশি বৃদ্ধি কৰিছে। এইবাৰৰ বাজেটত ক্ৰীড়াৰ বাবে ৪ হাজাৰ কোটি টকা অনুমোদন দিয়া হৈছে। চৰকাৰে ক্ৰীড়াক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ লগতে আন্তঃগাঁথনি উন্নয়নতো গুৰুত্ব দিছে। প্রধানমন্ত্ৰীয়ে কয়, যে ক্রীড়া প্রতিযোগিতাসমূহ এতিয়া গোটেই বছৰ জুৰি অনুষ্ঠিত হয় আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত ক্রীড়াক অধ্যয়নৰ মূল বিষয় হিচাপেও স্বীকৃতি দিয়া হৈছে। তেওঁ কয়, যে বিশ্ববিদ্যালয় ক্রীড়া, যুৱ ক্রীড়া, শীতকালীন ক্রীড়া, পেৰা গেমছ ইত্যাদিৰ জৰিয়তে হওক, চৰকাৰে খেলুৱৈসকলক নতুন ৰূপত উজ্জ্বলাই তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্রীমোদীয়ে বিহাৰত ক্ৰীড়াৰ উন্নতিৰ বিষয়ে প্ৰকাশ কৰি কয়, যে পাটনা-গঞা ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰীড়া নগৰ উন্নীত কৰা হৈছে। এন ডি এ চৰকাৰৰ দিনত গ্রাম্যঞ্চলৰ লগতে ৰাজ্যত ক্ৰীড়াৰ সুবিধা বৃদ্ধি পাইছে। ক্রীড়াৰ সৈতে জড়িত অৰ্থনীতিৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ক্রীড়া-অর্থনীতি কেৱল ষ্টেডিয়ামৰ চাৰিসীমাতেই সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। ক্রীড়াই কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে নিয়োজনৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। ক্রীড়া উদ্যমিতা, ফিজিঅ’থেৰাপি, ডাটা এনালাইটিক্স, ক্রীড়া প্রযুক্তি, ক্রীড়া সংবাদ মাধ্যম আৰু ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰতো ক্রীড়াই পথ মুকলি কৰিছে। বিহাৰৰ পাটনাত কালি ১৮ বছৰ অনুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। এই ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাত ৮ হাজাৰ ৫০০কৈও অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। প্ৰতিযোগিতাসমূহ পাটনা, ৰাজগীৰ, গঞা, ভৱলপুৰ আৰু বেগু চৰাইৰ লগতে মুঠ ৬ খন ভিন ভিন চহৰত অনুষ্ঠিত হ’ব। চাইক্লিং, শ্বুটিং আৰু এথলেটিক্স প্রতিযোগিতাসমূহ নতুন দিল্লীত অনুষ্ঠিত হ’ব।
Assamese | May 5, 2025 12:54 PM | PM Modi
২০৩৬ চনৰ অলিম্পিক ক্ৰীড়াৰ বাবে ভাৰতক শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰৰ