প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজধানী অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে ৫৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও পথ আৰু ৰে‘ল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পসমূহে অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু বিকশিত ভাৰতৰ ভেঁটি শক্তিশালী কৰাত সহায় কৰিব। বিগত ১০ বছৰত ডিজিটেল, সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত দেশে গুৰুত্ব প্ৰদান কৰি আহিছে। ভাৰতৰ আন্তঃগাঁথনি দ্রুত গতিত বিকশিত হোৱাৰ লগতে অন্ধ্র প্রদেশেও এই উন্নয়নৰ পৰা লাভান্বিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।
Assamese | May 2, 2025 8:24 PM | PM Modi
অন্ধ্ৰপ্ৰদেশত অমৰাৱতীৰ পুনৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ