AIADMK-ই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্রীমোদীয়ে কয়, যে এন ডি এৰ অন্যান্য মিত্ৰদলৰ সৈতে লগলাগি তেওঁলোকে তামিলনাডুক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব আৰু নিষ্ঠাসহকৰে ৰাজ্যখনলৈ সেৱা আগবঢ়াব। তেওঁ কয়, যে এন ডি এৰ মিত্ৰজোঁটে এম জি ৰামাচন্দ্ৰন আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্রয়াত জয়াললিতাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এখন চৰকাৰ সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, যে তামিলনাডুৰ উন্নতি ৰাজ্যখনৰ অনন্য সংস্কৃতিৰ সংৰক্ষণৰ উদ্দেশ্যে দুর্নীতি নিৰ্মূল কৰাৰ লগতে বিভাজনকাৰী ডি এম কে-ক উৎখাত কৰা অত্যন্ত প্ৰয়োজন আৰু যিটো এন ডি এ মিত্ৰজোঁটে কৰি দেখুওৱাব।
Assamese | April 12, 2025 1:10 PM | PM Modi
এ আই ডি এম কেই এন ডি এত যোগদান কৰাৰ সিদ্ধান্তত প্রধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ