February 16, 2025 10:58 AM

views 48

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দিল্লীত কালি এটা সংবাদগোষ্ঠীয়ে আয়োজন কৰা সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰী মোদীয়ে কয়, যে ভাৰতে গোলকীয় পৰ্যায়ত সম্প্রতি এনে স্থান লাভ কৰিছে যিটো পূৰ্বতে কেতিয়াও পোৱা নাছিল। বিশ্বৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ মাজতে হওক বা গোলকীয় মঞ্চসমূহতে হওক, ভাৰতৰ প্রতি আস্থা পূৰ্বৰ তুলনাত সৱাতোকৈ অধিক হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ ...

February 16, 2025 10:54 AM

views 29

ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত ভাগ ল'ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স ২০২৫ৰ কাইলৈ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্রী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্যোগ খণ্ডৰ সমগ্ৰ মূল্য শৃংখলা একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে। বস্ত্ৰ উদ্যোগৰ বাবে বৃহৎ মঞ্চৰূপে পৰিগণিত এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি বিভিন্ন সন্মিলন, আলোচনা চক্ৰ আদিৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে সমগ্...

February 14, 2025 12:03 PM

views 38

হোৱাইট হাউচত ডোনাল্ড ট্রাম্পক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতা আগুৱাই লৈ যাব। তেওঁ কয়, যে শ্রীট্রাম্পে উভয় দেশৰ মাজত সম্পর্ক সর্বাত্মক সম্পৰ্কলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আৱদান আগবঢ়াইছে। প্রধানমন্ত্রীয়ে এই সন্দৰ্ভত টেক্সাচৰ হাউদী মোদী আৰু গুজৰাটৰ নমস্তে ট্রাম্প অনুষ্ঠানৰ বিষয়ে স্মৰণ কৰে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ...

February 11, 2025 9:04 PM

views 59

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ সৈতে পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তা পূৰ্বৰ প্ৰযুক্তিসমূহৰ লেখিয়া নহয় আৰু ইয়াৰ ক্ষেত্ৰত শাসনৰ বাবে গোলকীয় দায়িত্ব আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ প্ৰয়োজন। শ্রীমোদীয়ে স্বাস্থ্য সেৱা, শিক্ষা ...

February 11, 2025 8:50 PM

views 74

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত প্রধানমন্ত্রী মোদীৰ সহ-অধ্যক্ষতা

প্রধানমন্ত্রী নৰন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মেত্ৰুৰ লগতে অন্যান্য নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকতে কৃত্রিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি-সহযোগিতা আদি বিভিন্ন খণ্ডত দেশ দুখনৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। দ্বি দেশীয় ভ্রমণসূচীৰ প্ৰথম স্তৰত কালি প্ৰধানমন্ত্ৰী মোদী ফ...

February 10, 2025 12:06 PM

views 34

কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী আজি ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্রদ...

February 9, 2025 8:24 PM

views 49

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী গৰাকীয়ে এই প্রতিশ্রুতি দিয়ে। উল্লেখযোগ্য যে কেগৰ প্ৰতিবেদনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ বিসংগতিৰ বাবে ২০২৬ কোটি টকাৰ ৰাজহ লোকচান হোৱা বুলি প্ৰকাশ পাইছে। কেগৰ প্ৰতিবেদনত...

February 7, 2025 9:24 PM

views 61

৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। আজি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দি কয় যে শ্রীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা৷

February 7, 2025 8:48 PM

views 49

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

February 2, 2025 6:29 PM

views 42

২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়ন তথা উদ্ভাৱন আৰু উদ্যমিতাৰ পথ প্ৰশস্ত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই বাজেটত ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ...