February 16, 2025 10:54 AM | India Tax 2025 | PM Modi

printer

ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত-টেক্স ২০২৫ প্রদর্শনীত ভাগ ল’ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স ২০২৫ৰ কাইলৈ সামৰণি পৰিব। এই প্রদর্শনীত কেঁচা সামগ্রী, উৎপাদিত সামগ্ৰী আৰু আনুসংগিক সা-সঁজুলীকে ধৰি বস্ত্ৰ উদ্যোগ খণ্ডৰ সমগ্ৰ মূল্য শৃংখলা একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে। বস্ত্ৰ উদ্যোগৰ বাবে বৃহৎ মঞ্চৰূপে পৰিগণিত এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি বিভিন্ন সন্মিলন, আলোচনা চক্ৰ আদিৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে সমগ্ৰ বিশ্বৰ ১২০ খনৰো অধিক দেশৰ নীতি নিৰ্ধাৰক, মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে ক্রেতাসকলক আকর্ষণ কৰিব বুলি আশা কৰা হৈছে।