প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক দেশৰ প্ৰগতিৰ পৰিৱৰ্তনকামী পদক্ষেপ বুলি অভিহিত কৰিছে। এই বাজেটে বিকশিত ভাৰতৰ লক্ষ্যৰ প্ৰতি দেশৰ যাত্ৰাক ত্বৰান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই বাজেটে কৃত্রিম বুদ্ধিমত্তা, পুতলা নির্মাণ, কৃষি, জোতা-চেণ্ডেল, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত বহনক্ষম উন্নয়ন তথা উদ্ভাৱন আৰু উদ্যমিতাৰ পথ প্ৰশস্ত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই বাজেটত ১৪০ কোটি জনতাৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতিফলন ঘটিছে। বাজেট সম্পর্কত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিকাশৰ যাত্ৰাৰ বাবে এইবাৰৰ বাজেটক এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলিও অভিহিত কৰিছে। তেওঁ কয়, যে এই বাজেটে প্রতিগৰাকী ভাৰতীয়ৰ সপোন পূৰণ কৰিছে। এই বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে।
Assamese | February 2, 2025 6:29 PM | PM Modi | Union Budget
২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সঞ্চয়, বিনিয়োগ, সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে দেশৰ বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী