June 29, 2025 7:53 PM

views 86

মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

জুন মাহত পালন কৰা বিশ্ব পৰিৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্র দুমাহতে জুন্নাৰ পাহাৰত ৭০টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰী খৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে। ইয়ালৈ চৰাইবোৰ আহিবলৈ আৰম্ভ কৰিছে আৰু বন্যপ্ৰাণীবোৰে নৱ জীৱন লাভ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ "দহ লাখ গছ ৰোপণ" অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াত লাখ লাখ গছ ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই ...

June 29, 2025 7:04 PM

views 54

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই অঞ্চলটো সম্প্রতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্রকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলীচৰণ নাৰ্জাৰী, দুর্গা বড়ো, অপূর্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নামো উল্লেখ কৰে। বিটিআৰ এলেকাত আয়োজন কৰা বড়োলেও চি ই এম কাপ প্রতিযোগিতাক ঐক্য আৰু আশাৰ উদযাপন বুলি অভিহিত কৰি তেওঁ কয় যে এই প...

June 29, 2025 7:01 PM

views 51

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছে আৰু এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি এইদৰে মত ব্যক্ত কৰে। আন্তৰাষ্ট্ৰীয় শ্রম সংগঠন আই এল অ'ৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে তেওঁ ভাৰতত সামাজিক সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে ব্যাখ্যা কৰে। দেশৰ ৬৪ শতাংশতকৈও অধিক লোক সম্প্রতি সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ২০১৫ চনলৈকে ২৫ ...

May 25, 2025 8:38 PM

views 65

মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে। অহা ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱনযাত্ৰাৰ সৈ...

May 25, 2025 7:35 PM

views 78

ৰাজ্যৰ বিভিন্ন ঠাইত প্রধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছত বিজেপি দলীয় নেতা-কৰ্মীসকলৰ তিৰংগা যাত্ৰা

প্রধানমন্ত্ৰীৰ মন কী বাত উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত বুথ স্থাপন কৰি জনসাধাৰণৰ বাবে অনুষ্ঠানটো শুনাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰীৰ বুথসমূহতো বহু লোকে একেলগে অনুষ্ঠান শুনে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নম্বৰ বুথত দলীয় নেতৃবৃন্দৰ সৈতে অনুষ্ঠানত ভাগ লয়। কেন্দ্রীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে মহানগৰীৰ শুক্লেশ্বৰ মণ্ডলৰ অন্তৰ্গত ২৯ নম্বৰ ৱাৰ্ডৰ ১৮৩ নম্বৰ বুথত অনুষ্ঠান শুনে। মন কী বাত অনুষ্ঠানৰ পাছতে পাকিস্তান...

May 25, 2025 11:32 AM

views 76

‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে, আৰু  সকলোৰে অন্তৰ ক্ষোভ আৰু আক্রোশেৰে ভৰি পৰিছে।পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সকলো ভাৰতীয়ই সন্ত্রাসবাদক মষিমূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে  ‘অপাৰেচন সিন্দুৰ'ৰ সময়ত আমাৰ সেনাই দেখুওৱা পৰাক্ৰমে প্ৰতিগৰাকী ভাৰতীয়ৰ শিৰ উচ্চ কৰি তুলিলে। যি নিখুঁটভাৱে, নির্ভুল সঠিকভাবে আমাৰ সেনাই সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদী...

May 25, 2025 10:14 AM

views 74

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণী গুৱা...

April 27, 2025 12:32 PM

views 73

মন কী বাত অনুষ্ঠানত ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ

দুদিন পূর্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে কস্তুৰীৰংগনৰ স্মৃতি সুঁৱৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কয়, যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰালে। বিজ্ঞান, শিক্ষা আৰু ভাৰতীয় মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত প্রয়াত কস্তুৰীৰংগনে উচ্চতাৰ শিখৰলৈ লৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্রী শ্রীমোদীয়ে এই এপ্রিল মাহতে ভাবতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্রকাশ কৰে। ৫০ বছৰ পূৰ্বে প্রযুক্তি আৰু আধুনিক সমলৰ যথেষ্ট উৎস নথকা সত্তেও বিজ্ঞা...

February 23, 2025 6:43 PM

views 75

দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো অন্যতম পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত মাতৃ শক্তিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। তেওঁ সংবিধান সভাত ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা সময়ৰ হাংসা মেহতাৰ এটা শ্ৰব্য বার্তাও প্ৰচাৰ কৰে। প্রধান...

February 23, 2025 6:39 PM

views 90

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। পেৰিচত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু মহাকাশ ক্ষেত্ৰত যুৱ প্ৰজন...