প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ’ব মন কি বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ’ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট আৰু News on AIR ম’বাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণী গুৱাহাটীয়ে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব।
মন কী বাত অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। বিজেপিয়ে ৰাজ্যৰ ২৯ হাজাৰ বুথত এই কাৰ্যসূচী প্ৰচাৰ কৰিব। অনুষ্ঠানৰ ঠিক পাছতে প্ৰতিটো বুথৰ পৰা ত্ৰিৰংগ যাত্ৰা উলিওৱা হ’ব।
Assamese | May 25, 2025 10:14 AM | Mann Ki Baat
আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান