অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই অঞ্চলটো সম্প্রতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্রকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলীচৰণ নাৰ্জাৰী, দুর্গা বড়ো, অপূর্ণা নাৰ্জাৰী, মনবীৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ফুটবল খেলুৱৈৰ নামো উল্লেখ কৰে। বিটিআৰ এলেকাত আয়োজন কৰা বড়োলেও চি ই এম কাপ প্রতিযোগিতাক ঐক্য আৰু আশাৰ উদযাপন বুলি অভিহিত কৰি তেওঁ কয় যে এই প্রতিযোগিতাত ৩,৭০০ টা দলৰ প্ৰায় ৭০ হাজাৰ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত বৃহৎ সংখ্যক মহিলা খেলুৱৈও থকাৰ বিষয়ে উল্লেখ কৰি এই প্ৰতিযোগিতাত তেওঁ বড়োলেণ্ডৰ বৃহৎ পৰিৱৰ্তন বুলি আখ্যা দিয়ে ৷ দেশৰ ক্ৰীড়া মানচিত্ৰত বড়োলেণ্ড অঞ্চলটো দ্রুত গতিত উদ্ভাসিত হৈ আহিছে বুলিও শ্রীমোদীয়ে মত প্রকাশ কৰে।
Assamese | June 29, 2025 7:04 PM | Mann Ki Baat
অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা