প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ’ব মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ’ব। এই অনুষ্ঠান আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু News on AIR ম’বাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগ, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | July 27, 2025 10:23 AM | Mann Ki Baat
আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড