September 9, 2025 1:05 PM

views 70

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান

● সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠান কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যেতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত জিলা আয়ুক্ত চুলতানা আখটাৰ আহমেদ প্রমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...

September 9, 2025 1:15 PM

views 87

তিৱা বসতি প্ৰধান অঞ্চলৰ মৰিগাঁৱৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

■ ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্রশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্...

September 9, 2025 1:11 PM

views 86

অৰুণোদয় বাচনি সমিতিৰ সৈতে বিধায়ক তৰংগ গগৈৰ বৈঠক

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে বিধায়ক তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া পৌৰসভাৰ ৱাৰ্ড সদস্য, পঞ্চায়ত প্ৰতিনিধি আৰু অৰুণোদয় বাচনি সমিতিৰ তিনিজনীয়া সদস্যৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত যোগ্য বিবেচিত প্ৰতিগৰাকী লোকে যাতে অৰুণোদয় লাভ কৰে, তাৰ বাবে সংশ্লিষ্ট সকলোকে নিজ দায়িত্ব পালন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায় ৷

September 8, 2025 11:17 PM

views 92

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত দেশৰ ভিতৰুৱা অঞ্চলৰ অনগ্ৰসৰ জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্...

September 8, 2025 4:08 PM

views 80

গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়

■ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মাধৱ কন্দলী, শংকৰদেৱ আদি বৰেণ্য অসমীয়া সাহিত্যিকৰ সাহিত্যৰাজীক ভাৰতত প্ৰতিষ্ঠা কৰাৰ বাবে সাহিত্য সভাই লোৱা পদক্ষেপৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। ড০ গোস্বামীয়ে লগতে কয়, যে শিক্ষা ব্যৱস্...

September 8, 2025 3:52 PM

views 55

কলিয়াবৰৰ সৰুভগীয়াত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত

■ কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটি পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী এখন নৈশ বাছৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্রাকত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে বাছখনৰ পৰা শিশু আৰু মহিলা যাত্ৰীসকলক বাছৰ খিৰিকী ভাগি উদ্ধাৰ কৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাছৰ চালককে ধৰি আন ১১ জন যাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

September 5, 2025 8:41 PM

views 95

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীয়ুষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তু...

September 5, 2025 7:33 PM

views 55

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্...

September 4, 2025 12:19 PM

views 54

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

September 4, 2025 11:22 AM

views 45

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক

● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক, ড০ ৰূপম শ‍ইকীয়া, অর্থনীতি বিভাগৰ অধ্যাপক, ড০ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগীশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ড০ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয...