September 5, 2025 8:41 PM

views 93

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা, সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। মন্ত্রী তথা জেষ্ঠ্য বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ভোটেপোৱাবৰীৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ এখন বৈঠকত অংশ লয়। বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ হৈ প্ৰচাৰ চলাই তেওঁ গোট সমিতিৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী তথা জেষ্ঠ্য বিজেপি নেতা পীয়ুষ হাজৰিকাই ওডালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তু...

September 5, 2025 7:33 PM

views 54

শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্...

September 4, 2025 12:19 PM

views 52

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

September 4, 2025 11:22 AM

views 43

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক

● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰুৱা, বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক, ড০ ৰূপম শ‍ইকীয়া, অর্থনীতি বিভাগৰ অধ্যাপক, ড০ অমৰজ্যোতি মহন্ত, অধ্যাপক যোগীশ্বৰ গোস্বামী, পৰীক্ষা নিয়ন্ত্ৰক ড০ অৰিজিত হাজৰিকা সদস্য আৰু পঞ্জীয...

August 31, 2025 9:46 PM

views 52

তামুলপুৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি জিলা দণ্ডাধীশৰ বিশেষ নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাত সমাগত বি টি চি নির্বাচন উপলক্ষে শান্তি-শৃংখলা বজাই ৰাখি নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা বন্দুক তথা অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশৰ পৰা নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক ৰেহাই দিয়া হৈছে। ইয়াৰ লগতে ক্ৰীড়াৰ বাবে ৰাইফল ব্যৱহাৰ ক...

August 31, 2025 9:49 PM

views 62

বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ বিশেষ নির্দেশনা

সমাগত বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্ত্তীয়ে বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্রার্থীসহ মুঠ ৫ গৰাকী লোককহে মনোনয়ন প্ৰত্যাহাৰৰ সময়ত জিলা নির্বাচনী বিষয়া বা সহকাৰী নিৰ্বাচনী বিষয়াৰ কাৰ্লালয়ত প্ৰবেশৰ অনুমতি দিয়া হৈছে। লগতে প্ৰাৰ্থীৰ সৈতে থকা গাড়ীৰ সংখ্যা তিনিখনলৈ সীমিত কৰা হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষকে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসা...

August 28, 2025 8:33 PM

views 38

শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ

মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে য...

August 28, 2025 8:28 PM

views 68

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব

নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে বুলি মন্তব্য কৰে।

August 25, 2025 10:46 AM

views 69

মাজুলীৰ চেলেকঘাটত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

■ নামনি মাজুলীৰ চেলেকঘাটত আজি পুৱা অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত তিনিখন দোকানৰ ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট নহয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

August 21, 2025 8:17 PM

views 45

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত

ধেমাজিৰ জিলা আৰু ছেছন আদালতে আজি মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত কৰে। মুঠ ৪১ জন লোকৰ সাক্ষ্যৰ ভিত্তিত ৪ বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শ‍ইকীয়াই কালি অভিযুক্ত ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে। আজি আদালতে দোষীৰ শাস্তি ঘোষণা কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই ২০২১ চনৰ ২১ আগষ্টত পৰিকল্পিতভাৱে নন্দিতা শ‍ইকীয়াক আক্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত ৰিন্টু শৰ্মাৰ বিৰুদ্ধে ৪০০ পৃষ্ঠাজোৰা...